
শিৱসাগৰত ৰাইজৰ দলত তিনি শতাধিক লোকৰ যোগদান
বুধবাৰ,১৬/০৭/২০২৫: শিৱসাগৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত প্ৰায় তিনি শতাধিক লোকে যোগদান কৰে। শিৱসাগৰৰ ৰাইজে পুনৰ আশীৰ্বাদ দিব বুলি বিধায়ক অখিল গগৈয়ে আশা প্ৰকাশ কৰে । লগতে বিধায়কগৰাকীয়ে কয়-
”২০২৬ ত 20 খন আসনত জয়লাভৰ লক্ষ্য ৰাইজৰ দলৰ”
”কংগ্ৰেছৰ প্ৰতি মাজে মাজে সন্দেহ হয়। কংগ্ৰেছে মিত্ৰতা নকৰিলে বিজেপিৰ লাভ হ’ব”
”হিমন্ত বিশ্ব শৰ্মা কাৰো মানুহ নহয়। BJP RSS ৰো মানুহ নহয়। হিমন্ত বিশ্ব সুবিধাবাদী মানুহ। পানীৰ দৰে য’তে-ত’তে মিলি যোৱা মানুহ”।
”মহিলাৰ প্ৰতি মোৰ আচৰণ কেতিয়াও বেয়া নহয়। মহিলাক মই সন্মান কৰো”। মহিলা আয়োগত গোচৰ দিয়া প্ৰসংগতো অখিল গগৈয়ে মন্তব্য কৰি এনেদৰে কয়।