
বিজেপিৰ শাসনকালত বেদখলৰ কবলৰ পৰা মুক্ত ১,১৯,৫৪৮ বিঘা ভূমি
বুধবাৰ,১৬/০৭/২০২৫: আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ আয়োজন কৰি উচ্ছেদ সন্দৰ্ভত কেতবোৰ তথ্য দাখিল কৰে। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত কিমান ভূমি বেদখলমুক্ত কৰিলে তাৰ তথ্য দাখিল কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে ৰাজ্যৰ বনাঞ্চল, সংৰক্ষিত ‘বনাঞ্চলৰ ৮৪,৭৪৩ বিঘা মাটি বেদখলৰ কবলৰ পঞ্চমুক্ত কৰা হৈছে।
একেদৰে ৩,৬৪২ বিঘা ভি জি আৰ আৰু পি জি আৰ ভূমি, ৪,৪৪৯ বিঘা খাচ লেণ্ড ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত
বিজেপি চৰকাৰ অহাৰ পিছত ৰাজ্যত এতিয়ালৈকে সর্বমুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলকাৰীৰ হাতোৰাৰ পৰা মুক্ত কৰা হৈছে। বেদখলমুক্ত হোৱা ভূমিৰ পৰিমাণ ১৬০ বর্গ কিলোমিটাৰ।
ইপিনে মুখ্যমন্ত্রীগৰাকীয়ে জিলাভিত্তিক তথ্য দাখিল কৰি কয় যে বৰ্তমানৰ চৰকাৰখনে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত ৩৯,৫২৭ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে লখিমপুৰত ১৩,৪৮১ বিঘা, গোৱালপাৰাত ৮,২৪০ বিঘা, দৰঙত ১৭,৯০৫ বিঘা, হোজাই জিলাত ১০,৭৪৯ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। একেদৰে বৰপেটাত ৪০৮ বিঘা, বঙাইগাঁৱত পি জি আৰ আৰু ভিজিআৰৰ ১৭৮ বিঘা, বনাঞ্চলৰ ৯৭ বিঘা, কাছাৰত বনাঞ্চল ৭৫৬ বিঘা, চিৰাঙত ১,৫৭৩ বিঘা, ধুবুৰীৰ বনাঞ্চলৰ ভূমি ১০১ বিঘা, চৰকাৰী ভূমি ৪,৬৪৭ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে।
সত্ৰজামঘৰৰ ৪,৪৪৯ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। একেদৰে গোৱালপাৰা জিলাৰ বনাঞ্চলত ৬,২৪৩ বিঘা আৰু চৰকাৰী ভূমি ১৯৯ বিঘা বেদখলমুক্ত কৰা হৈছে। হাইলাকান্দি জিলাৰ ১,৯৩১ বিঘা বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰা হৈছে। হোজাই জিলাৰ ১০,৭২৫ বিঘা বনাঞ্চলৰ ভূমি, কামৰূপৰ ১,২৭৬ বিঘা চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ২৮০ বিঘা ভূমি, লখিমপুৰৰ পি জি আৰ-ভি জি আৰৰ ৩২৩ বিঘা আৰু বনাঞ্চলৰ ১৩ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহানগৰীত এডাল গছ কাটিলেই প্রতিবাদ কৰে। কিন্তু হাজাৰ হাজাৰ বিঘা ভূমিত গছ ৰোপণ কৰাৰ পিছতো এইসকলে একো মাত নামাতে। ২০২১ চনৰ পৰা ২০২৫ চনলৈ বৃহৎ ভূমি বেদখলমুক্ত কৰা হৈছে। লখিমপুৰত যি উচ্ছেদ চলিছিল তাক লৈ একাংশই
প্রতিক্রিয়া ব্যক্ত কৰিছিল। কিন্তু লখিমপুৰৰ সেই উচ্ছেদৰ তথ্য তেওঁলোকে নাজানে। সেই ভূমিত কোনে বাস কৰিছিল তাৰ তথ্য দাখিল কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰপেটাৰ ৭৪টা পৰিয়াল, নগাঁৱৰ ৬৩টা পৰিয়াল, লখিমপুৰ বঙালমৰাৰ ৩৫টা পৰিয়াল, গোৱালপাৰাৰ ৭টা পৰিয়াল, কাছাৰৰ দুটা পৰিয়াল, দক্ষিণ শালমাৰাৰ দুটা পৰিয়ালে বসবাস কৰি আছিল। উচ্ছেদৰ পিছত পৰীক্ষা চলোৱাৰ অন্তত গম পোৱা গ’ল যে লখিমপুৰত বসবাস কৰি থকা লোকসকল কোনোধৰণৰ ভূমিহীন নাছিল।
তেওঁলোকৰ নিজৰ স্থানত আছে। বাহিৰৰ পৰা গৈ মাটি দখল কৰি গাঁও নিৰ্মাণ কৰিছে। লখিমপুৰৰ জনগাঁথনি সলনি কৰিছে। এই উচ্ছেদৰ জৰিয়তে লখিমপুৰৰ জনগাঁথনি সলনিৰ যি ষড়যন্ত্র চলিছিল তাক ৰদ কৰা হ’ল।
ইপিনে মুখ্যমন্ত্ৰীয়ে আন এক প্ৰসংগ উল্লেখ কৰি কয় যে এবছৰৰ পৰা ধিং, লাহৰীঘাটৰ বহু লোক উৰিয়ামঘাটলৈ গৈ ঘৰ নিৰ্মাণ কৰিছে। বনাঞ্চলৰ ভূমি বেদখল কৰি গাঁও নির্মাণ কৰিছে। নিশাৰ ভাগত দুখন নাইট ছুপাৰ চলে উৰিয়ামঘাটৰ পৰা। উৰিয়ামঘাটৰ গাতে লাগি আছে গোলাঘাট, তিতাবৰ, যোৰহাট সমষ্টি। যদি অসমীয়া মানুহে বাধা নিদিয়ে, তেন্তে জনগাঁথনি সলনি হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে ১৫ বছৰত লখিমপুৰত সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে জনগাঁথনি। ৪০০ কিলোমিটাৰ অতিক্রম কৰি দক্ষিণ শালমাৰাৰ লোকে লখিমপুৰলৈ গৈ বিৰাট ষড়যন্ত্র চলাইছে। বিভিন্ন প্রান্তৰ পৰা মানুহ গৈ সমষ্টিসমূহত জনগাঁথনি সলনি কৰিছে। এটা এটা সমষ্টিত ২০ৰ পৰা ৪০ হাজাৰ ভোটৰ ব্যৱধান হৈছে। এক লাখ ১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰি জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ ৰোধ কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘লেও জেহাদ’ৰ বিৰুদ্ধে এই উচ্ছেদ। যদি এতিয়াই অসমীয়াই এই কাম নকৰে, তেন্তে অনাগত ২০ বছৰত অসম বুলি একো নাথাকিব। অসমীয়া ভাৰতীয় মানুহ সজাগ হ’ব লাগিব। ইপিনে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উচ্ছেদিত লোকসকলৰ কৰ্তন হ’ব পাৰে ভোটাধিকাৰ। যিসকল লোকক উচ্ছেদ কৰা হৈছে, তেওঁলোকৰ ওপৰত জিলা আয়ুক্তই পৰীক্ষা-নিৰীক্ষা চলাই