
'নিৰ্বাচনৰ পিছতেই জে'ললৈ যাব লাগিব মুখ্যমন্ত্রী'
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: বুধবাৰে অসম ভ্ৰমণত অসম প্রদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সৈতে এক গুরুত্বপূর্ণ বৈঠকত মিলিত হয় বাহুল গান্ধী আৰু মল্লিকার্জুন খাগেই। গুৱাহাটীৰ ‘কিৰণশ্ৰী হোটেল’ত আয়োজিত বৈঠকত ‘২৬ৰ নির্বাচনক লৈ গোপন মন্ত্রণা প্রস্তুত কৰে। যিকোনো স্বার্থৰ বিনিময়তে ক্ষমতা দখলৰ লক্ষ্যৰে অসম প্রদেশ কংগ্রেংক সাজু হ’বলৈ বাহুল গান্ধীয়ে নির্দেশ দিয়ে।
উক্ত বৈঠকৰ পিছতেই দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকে। সমষ্টিৰ বনগাঁৱৰ শান্তি নিজৰা ক্লাব প্রাংগণত এক বিশাল জনসভাত অংশগ্রহণ কৰে ৰাজল গান্ধী আৰু মল্লিকার্জুন খাগেই। সভাত ‘২৬ৰ বিধানসভা নির্বাচনৰ বগডংকা বজাই অসমত কংগ্ৰেছ চৰকাৰ আহিলে বাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক জে’লত তৰোৱাৰ হুংকাৰ প্রদান কৰে।
ৰাজ্যৰ শাসকীয় বিজেপি নেতৃত্বাধীন মিত্রদলৰ এক ওফৰাই কংগ্ৰেছ দলে দিছপুৰ দখলৰ বাবে লোবা সংকল্পক বাস্তবায়িত কৰিবলৈ বাজল গান্ধীয়ে সকলোকে আহ্বান জনায়। আজিৰ জনসভাতেই মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মার বিরুদ্ধে আক্রমণাত্মক হৈ বাছল গান্ধীয়ে কয় যে অসমৰ মুখ্যমন্ত্রীয়ে নিজকে মুখ্যমন্ত্রী বুলি নাভাবে, ৰজা বুলি ভাবে। অসমৰ বজাই ২৪ ফটাই কেতিয়াবা আদানী, কেতিয়াবা আম্বানীক আপোনালোকৰ টকা। মাটি দি আহিছে। কিন্তু তেওঁৰ কথা ভালদৰে শুনিব, তেতিয়া জানিব তেওঁৰ কণ্ঠত ভয় সোমাই আছে। তেওঁ ডাঙৰ ডাঙৰ কৰ্ম্ম কয়, চিজ্ঞবে, কিন্তু আপোনালোকে ভালকৈ চালে দেখিব তেওঁৰ মনত ভয় আছে। কিয়নো তেওঁ জানে, এদিন তেওঁক কংগ্রেছে জে’ললৈ পঠিয়াব। তেওঁ আৰু তেওঁলোকৰ পৰিয়ালে যি দুর্নীতি কৰিছে তাৰ হিচাপ অসমৰ জনতাই দিব। তেওঁ জে ‘লালৈ যাবই লাগিব। কেইদিন মান পাছতেই তেওঁ জে’ললৈ যাব লাগিব। বাহুল গান্ধীয়ে লগতে কয় যে অমিত শাহ, নৰেন্দ্র মোদী কোনোরে হিমন্ত বিশ্ব শর্মাক বচাব নোৱাৰে। কংগ্রেছকর্মীসকলৰ সকলোবে সিংহ আৰু সিংহই কাকো ভয় নকৰে।
কংগ্রেছ কর্মীৰ ডি এন এত কংগ্রেছৰ বিচাৰধাৰা আছে। কংগ্রেছৰ বিচাৰধাৰা সত্য আৰু অহিংসাৰ। আজি অসমত যি হৈ আছে সেয়া সমগ্র দেশতে হৈ আছে। তেওঁ আৰু কয় যে মুখ্যমন্ত্রীয়ে ২৪ ঘণ্টাই অসমত চুৰ কৰি আছে। কংগ্রেছে এইবাৰ নির্বাচন চুইপ কৰি জিবিন। গৌৰব গগৈয়ে কাম ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াৰ ফলাফল অসমবাসীয়ে নিশ্চয় লাভ কৰিব। বাহুল গান্ধীয়ে আৰু কয় যে-” মহাৰাষ্ট্রৰ নির্বাচন বিজেপিয়ে অনৈতিকভাবে জিকিছে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত এক কোটি নতুন ভোটাৰ সৃষ্টি কৰিছে বিজেপিয়ে। সেই একেই কাম এতিয়া বিহাৰত আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পিছত এই কাম অসমত আৰম্ভ কৰিব বিচাৰিছে। কিন্তু অসমত এই কাম কৰিবলৈ দিয়ানহ’ব। নির্বাচন আয়োগৰ ওপৰত অভিযোগ উত্থাপন কৰি গান্ধীয়ে কয় যে নির্বাচন আয়োগ বিজেপিৰ মতে চলে। নির্বাচন আয়োগক ভোটাৰ তালিকা বিচাৰিলে তেওঁলোকে বাহানা বনায়। অসমত যি হৈছে সেয়া সমগ্র দেশত হৈ আছে। আজিৰ সন্ধিয়ালৈ মুখ্যমন্ত্রীৰ মুখত আপোনালোকে ভয় দেখা পাব আৰু এই নির্বাচনৰ পাছতে তেওঁক জে ‘লত দেখা পাব বুলি কয় বাহুল গান্ধীয়ে” ।
ইপিনে উক্ত জনসভাত অংশগ্রহণ কৰি কংগ্রেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাগেই ভাষণ প্রদান কৰি কয় যে এতিয়া অসমত লুটপাত চলিছে। সাধাৰণ জনতাক ভয়-ভাবুকিবে লুট- পাত চলাই গৈছে। এতিয়া সাধাৰণ জনতা সজাগ হোবাৰ সময় সমাগত। এতিয়া দেশত এনেকুবা এক শাসন চলিছে ধনী মানুহ অধিক ধনী হৈ গৈ আছে আৰু দুখীয়া অধিক দুখীয়া হৈ গৈছে। বিজেপিয়ে পুঁজিপতিৰ হৈ কাম কৰিছে। আদানী-আম্বানীৰ হৈ কাম কৰিছে বিজেপিয়ে। দেশৰ সকলো সম্পত্তি আদানী-আম্বানীকগতাই দিছে। প্রধানমন্ত্রী মোদীয়ে তেওঁৰ বন্ধুক দুখীয়া লোকক লুটপাত কৰিবলৈ লগাই দিছে। আজি অসমত চাহ শ্রমিকৰ অবস্থা তথৈবচ।