
খৰাং বতৰৰ বাবে খেতিপথাৰত চিৰাল ফাঁট,মূৰে কপালে হাত দিছে বৰপেটাৰ কৃষকে
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কৃষক সকলো খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে। খৰাং বতৰ তথা বৰষুণৰ অভাৱত কৃষকসকলে সময়মতে কঠিয়া ৰোপণ কৰিবলৈ পৰা নাই। কঠিয়াবোৰ প্ৰায় বিনষ্ট হ’বলৈ ধৰিছে। ইতিমধ্যেই ৰোপণ কৰা কঠিয়াবোৰো পানীৰ অভাৱত বিনষ্ট হোৱাৰ উপক্ৰম হৈছে।কৃষিপথাৰত এতিয়া মেলিছে চিৰাল ফাঁট। মূৰে কপালে হাত দিবলগীয়া হৈছে বৰপেটা জিলাৰ কৃষকসকল। প্ৰয়োজনীয় জলসিঞ্চন ব্যৱস্থাৰ অভাৱত কৃষি পথাৰত পানী যোগান ধৰিব পৰা নাই কৃষকে।
কৃষকসকলৰ দুখ-দুৰ্দশাৰ বুজ লোৱা আৰু খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে বৰপেটা জিলা কৃষি বিষয়া মুনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত বৰপেটা মহকুমা কৃষি বিষয়া হৃদয় কোমল দাস, কৃষি পৰিদৰ্শক দিলীপ মিশ্ৰ আৰু শুভা কৃষি চক্ৰৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক প্ৰদীপ ডেকাই চেঙাৰ খেতি পথাৰত উপস্থিত হয়।
কৃষি বিষয়াৰ দলটোৱে বৰপেটা জিলাৰ চেঙাৰ নিজ চেঙা , কদমতলাকে ধৰি কেইবাখনো গাঁৱৰ কৃষি পথাৰ পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ স’তে মত বিনিময় কৰে। কৃষিপথাৰ পৰিদৰ্শন কৰি কৃষকসকলৰ সমস্যা সম্পৰ্কত এক প্ৰতিবেদন যুগুত কৰি বিভাগীয় ঊৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া মুনিন্দ্ৰ বসুমতাৰীয়ে।
জিলাখনত প্ৰায় ৩৭০ খন গাঁৱৰ প্ৰায় ৩৩,৫০০ কৃষক পৰিয়ালৰ মুঠ প্ৰায় ৩১,৫০০ হেক্টৰ কৃষিভূমি খোৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া মুনিন্দ্ৰ বসুমতাৰীয়ে। ইয়াৰ ভিতৰত প্ৰায় ২৫ হেক্টৰ কৃষিভূমিৰ কঠিয়া বিনষ্ট হৈছে আৰু প্ৰায় ৩১,৫০০ হেক্টৰ কৃষিভূমিত ৰোপণ কৰা কঠিয়া পানীৰ অভাৱত প্ৰায় বিনষ্ট হোৱাৰ উপক্ৰম হৈছে বুলিও জিলা কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে খেতিপথাৰত পানী যোগান ধৰিবলৈ আৰু ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে ক্ষতিগ্ৰস্ত কৃষকসকলে।