
তিনি বছৰে নিৰ্মাণৰ নামত বন্ধ ৰবীন্দ্ৰ ভৱন
ৱেব ডেস্ক: নিৰ্মাণৰ নামত তিনি বছৰে বন্ধ হৈ আছে মহানগৰীৰ ঐতিহাসিক ৰবীন্দ্ৰ ভৱন। চৰকাৰে আটকধুনীয়াকৈ ৰবীন্দ্র ভৱনটো সাজি তোলাৰ প্ৰতিশ্ৰুতিৰে নতুনকৈ নিৰ্মাণ আৰম্ভ কৰিছিল যদিও আজিকোপতি নির্মাণ সম্পূর্ণ হৈ নুঠিল। ফলস্বৰূপে তিনি বছৰে বন্ধ হৈছে ৰবীন্দ্ৰ ভৱন। ফলত অসমৰ শিল্পী সমাজ বেয়াকৈ প্ৰভাৱিত হৈছে।
ইয়াৰ উপৰি উঠি অহা প্রজন্ম এতিয়া নতুন নতুন নাটক উপভোগ কৰাৰ পৰা বঞ্চিত হৈ পৰিছে। যিটো ৰবীন্দ্ৰ ভৱনত পূর্বে সপ্তাহে সপ্তাহে নাটক মঞ্চস্থ হৈছিল সেইৰবীন্দ্ৰ ভৱনত আজি নিমাওমাও পৰিৱেশ। যাৰ বাবে ৰবীন্দ্ৰ ভৱনটো ছয় মাহৰ ভিতৰত মুকলি কৰি দিয়াৰ দাবীৰে প্ৰতিবাদত নামে সাংস্কৃতিক ঐক্যমঞ্চ,তিনি বছৰে নিৰ্মাণৰ অসমে।
আজি ৰবীন্দ্ৰ ভৱনৰ বাকৰিত সাংস্কৃতিক ঐক্যমঞ্চৰ লোকসকলে চৰকাৰলৈ দাবী উত্থাপন কৰি কয় যে তেওঁলোকে ছয় মাহৰ ভিতৰত মুকলি কৰি দিয়ক ৰবীন্দ্ৰ ভৱন। তিনি বছৰ উকলি যোৱাৰ পিছতো ৰবীন্দ্ৰ ভৱনটো নির্মাণ সম্পূৰ্ণ কৰি মুকলি কৰি নিদিয়াক লৈ ক্ষোভ প্রকাশ কৰে। লগতে ৰবীন্দ্ৰ ভৱনটো যাতে অন্য স্থানলৈ স্থানান্তৰিত নকৰে তাৰো দাবী উত্থাপন করে। ঐক্যমঞ্চৰ তৰফৰ পৰা কয়, আমাৰ মন্দিৰ কাৰ্যালয় বন্ধ হৈ থকাটো দুখজনক।
চৰকাৰে শীঘ্ৰে মেৰামতি কৰি দিয়াৰ প্রতিশ্রুতিৰে ৰবীন্দ্ৰ ভৱনটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল যদিও আজিকোপতি সেয়া হৈ নুঠিল। সেয়েহে চৰকাৰ্টৰ তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব লাগে আৰু ৰবীন্দ্ৰ ভৱনটো শীঘ্ৰে মুকলি কৰি দিব লাগে