
হাজো দামপুৰত এগৰাকী নৱ বিবাহিতাৰ হত্যাকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
হাজো: হাজো দামপুৰত এগৰাকী নৱ বিবাহিতাৰ হত্যাকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আজি বোৱাৰী গৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ নিজ পিতৃ গৃহৰ পোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। চাৰিবছৰ পূৰ্বে একেখন গাঁৱৰ যুৱক তহিদুৰৰ লগত প্ৰেম হয় মুন্নীৰ তাৰ পিছতে ছদিন পূৰ্বে তহিদুৰে পলুৱাই লৈ গৈছিল প্ৰেমিকা মুন্নীক।
পলুৱাই নিয়াৰ পিছত তহিদুৰ আৰু মুন্নীৰ মাজত নিকাহো সম্পন্ন হৈছিল। শুক্ৰবাৰে বিয়লি ভাগত হত্যা কৰি মুন্নীক শুৱালকুছিস্থিত সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে কেইবা ঘন্টা পুৰ্বেই মুন্নীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ছদিন আগতে পলুৱাই নি পাষাণ স্বামী তহিদুৰ আৰু পৰিয়ালৰ লোকে সংঘটিত কৰে এই লোমহৰ্ষক হত্যাকাণ্ড। এই গুৰুতৰ অভিযোগ মুন্নীৰ পৰিয়ালৰ লোকৰ।
মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ পিছত পিতৃ গৃহ পোৱাৰ পিছতে এক উত্তেজক পৰিস্থিতিৰ সৃষ্টি হয় যদিও হাজো আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰিত হয়। মুন্নীৰ পৰিয়ালৰ দাবী তহিদুৰৰ লগতে পিতৃ-মাতৃ তথা ভাতৃক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দাবী শোকদগ্ধ পৰিয়ালটোৰ। এই হত্যাকাণ্ডই জোকঁৰি গৈছে হাজোৰ দামপুৰ।