
অসমৰ বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ
ৱেবডেস্ক: পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাজীয়ে অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনত বসবাস কৰা বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। শনিবাৰে তেওঁ কয় যে অসমৰ যিসকল লোকে সকলো ভাষা-ধৰ্মৰ সৈতে শান্তিৰে জীয়াই থাকিব বিচাৰে তেওঁলোকক ভাবুকি দিছে অসমৰ বাংলাভাষী লোকসকলকহিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।
মমতাই কয় যে বাংলাভাষা দেশৰ ভিতৰতে দ্বিতীয় সর্বাধিক প্রচলিত ভাষা আৰু অসমতো ইয়াৰ ব্যাপক ব্যৱহাৰ। কিন্তু যিসকলে নিজৰ ভাষা-সংস্কৃতিক সম্মান কৰিব বিচাৰে তেওঁলোকক ভয় খুৱাইছে। এইটো অসাংবিধানিক আৰু বৈষম্যমূলক। ইয়াৰ প্রত্যুত্তৰত মুখ্যমন্ত্রী শর্মাই কয়, অসমত আমি আমাৰ মানুহৰ সৈতে নহয়, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ সৈতে যুঁজিছো। ইয়াৰ ফলত অসমৰ জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন হৈছে। বহু জিলাত হিন্দুসকল এতিয়া সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে।
মুখ্যমন্ত্রী শর্মাই কয় যে উচ্চতম ন্যায়ালয়েও অনুপ্রবেশক বাহ্যিক আক্রমণ বুলি গণ্য কৰিছে। আমি আমাৰ সংস্কৃতি আৰু পৰিচয় বচাবলৈ চেষ্টা কৰিছো, কিন্তু মমতাই ইয়াক ৰাজনীতি কৰি তুলিছে। তেওঁ কয় যে অসমত অসমীয়া, বাংলা, বড়ো, হিন্দী আদি সকলো ভাষা আৰু জনগোষ্ঠীয়ে একেলগে বাস কৰে। কিন্তু ৰাজ্য এখনে যদি নিজৰ সীমা আৰু সংস্কৃতি ৰক্ষা নকৰে, তেন্তে সেইখন জীয়াই নাথাকিব।