
ৰাজনৈতিক যুঁজত ই ডিৰ ব্যৱহাৰ কিয়?
নিউজ ডেস্ক : কেন্দ্রীয় তদন্তকাৰী সংস্থা ই ডিক পুনৰ এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ভর্ৎসনা কৰিছে। ইয়াৰ পূৰ্বে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ পৰা ভর্ৎসনাৰ সম্মুখীন হোৱা ইডিয়ে পুনৰ এবাৰ কঠোৰ সমালোচনাৰ সম্মুখীন হৈছে। আজি এই তদন্তকাৰী সংস্থাটোক ভর্ৎসনা কৰি উচ্চতম ন্যায়ালয়ে কয় যে ৰাজনৈতিক যুঁজ নির্বাচনলৈ ঠিকেই আছে, কিন্তু ৰাজনৈতিক যুঁজত ই ডিৰ ব্যৱহাৰ কৰে কিয়? ইডিয়ে এতিয়া সকলো সীমা অতিক্রম কৰিছে। তেওঁলোকৰ সীমা এটা নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে।
মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দনৰ দুজনীয়া বিচাৰপীঠে আজি মহীশূৰ নগৰ উন্নয়ন ব’ৰ্ডৰ এক গোচৰত ই ডিৰ আবেদনৰ শুনানিত সর্বোচ্চ ন্যায়ালয়ে এই তাৎপর্যপূর্ণ মন্তব্য কৰে। ন্যায়ালয়ে আজি ই ডিৰ বিৰুদ্ধে ইমানেই সৰব, হৈ পৰি কয় আমাৰ ধৈৰ্যৰ বান্ধ নিছিঙিব। আমাৰ মুখ খুলিবলৈ বাধ্য। নকৰিব, অন্যথা ই ডিৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰিবলৈ আমি বাধ্য হৈ পৰিম। দৰাচলতে ইডিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্রী চিন্দাৰামায়াৰ পত্নী বি এম পাৰ্বতীক মহীশূৰ নগৰ উন্নয়ন ব’ৰ্ডৰ গোচৰক লৈ চমন জাৰি কৰে।
কর্ণাটক উচ্চ ন্যায়ালয়ে মার্চ মাহত এই চমন খাৰিজ কৰে। কর্ণাটক উচ্চ ন্যায়ালয়ে এই চমন খাৰিজ কৰাৰ পিছত তাক প্রত্যাহ্বান জনাই ই ডিয়ে সর্বোচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়ে ই ডিৰ আবেদন খাৰিজ কৰি তেওঁলোকক কঠোৰ ভাষাৰে সমালোচনা কৰে। উল্লেখ্য যে ই.ডিক যোৱা এবছৰত পাঁচবাৰকৈ সর্বোচ্চ ন্যায়ালয়ে ভর্ৎসনা কৰিছে। যোৱা ২২ মে’ত তামিলনাডুৰ সুৰা বিপণীৰ অনুমতিৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে ই ডিয়ে সীমা অতিক্রম কৰি আছে। ৰাজ্য চৰকাৰৰ বিষয়সমূহত ই ডিয়ে হস্তক্ষেপ কৰিবলৈ ধৰিছে। যি সময়ত ৰাজ্য চৰকাৰে বিষয়টোৰ ওপৰত তদন্ত চলাই আছে, তেনে সময়ত ই ডিয়ে হস্তক্ষেপ কৰি তদন্ত চলোৱাৰ প্ৰয়োজনীয়তা কি বুলি প্রশ্ন কৰিছিল।
আনহাতে যোৱা পাঁচ মে’ত ছত্তিশগড়ৰ সুৰা কেলেংকাৰীৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে ই ডিৰ হাতত কোনো তথ্য নোহোৱাকৈ কেবল অভিযুক্ত কৰি হাৰাশাক্তি চলোৱাৰ চেষ্টা চলাইছে। ইডিৰ এইটো এটা পেটার্ন হৈ পৰিছে। হাতত প্রমাণ নথকাকৈয়ো তেওঁলোকে কেৱল হাৰাশাস্তি কৰাৰ চেষ্টা চলাই থাকে। এনেধৰণে উচ্চতম ন্যায়ালয়ৰ পৰা কঠোৰ সমালোচনাৰ সম্মুখীন হোৱা ই ডিয়ে কিন্তু তেওঁলোকৰ স্বৰূপ সলনি নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সংস্থাটোরে কেবল শাসক দলৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰি আহিছে। লগতে কংগ্ৰেছসহ বিৰোধী দলসমূহে কয় যে বিজেপিৰ বাবে এতিয়া নির্বাচনী হাতিয়াৰ হৈ পৰিছে ই ডি। নিৰ্বাচনৰ সময়ছোৱাত বিৰোধী নেতাসকলক লক্ষ্য কৰি হাৰাশাস্তি চলাই অহা বুলি বিৰোধীয়ে অভিযোগ কৰিছে।