
কেনেদৰে পেটৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি আপুনি জানেনে ?
ৱেব ডেস্ক: পেটৰ বিষ এটা সাধাৰণ সমস্যা যাৰ বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰ কাৰণবোৰ হ’ল গেছ, বদহজম, খাদ্য বিষক্ৰিয়া, বা মাহেকীয়া। বৰ্তমান সময়ত প্ৰায়ভাগ লোকেই পেটৰ বিষত আক্ৰান্ত হোৱা দেখা যায় ৷ চিকিৎসকৰ ওচৰলৈ অহা ৰোগীৰ ভিতৰত পেটৰ বিষত ভোগা ৰোগীৰ সংখ্যা কম নহয় ৷ বহুতেই পেটৰ বিষত দীৰ্ঘদিন ধৰি ভুগি থাকিলেও অৱহেলা কৰে ৷ এনে সমস্যাত ভুগি থাকিলে কেতিয়াবা অৱহেলা কৰিব নালাগে ৷ কিছুমান ঘৰুৱা প্ৰতিকাৰ আৰু ডাক্তৰী পৰামৰ্শৰ দ্বাৰা ইয়াৰ পৰা উপশম পাব পাৰি।
যদি আপুনি পেটৰ বিষত ভুগি আছে, তেনেহ’লে আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ চেষ্টা কৰিব পাৰে,
যেনে, গৰম পানী সেকা: পেটৰ বিষত গৰম পানী সেকা এটা ভাল উপায়। গৰম পানীয়ে মাংসপেশী শিথিল কৰাত সহায় কৰে আৰু বিষ কম কৰে।
আদা: আদা পেটৰ বিষ কম কৰাত সহায়ক হ’ব পাৰে। আপুনি আদা চাহ খাব পাৰে বা আদাৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।
পদিনা: পদিনাত এণ্টিস্পাছমডিক গুণ আছে যি পাচনতন্ত্ৰক শিথিল কৰে আৰু ফোলাভাব কম কৰে। আপুনি পদিনাৰ চাহ খাব পাৰে বা পদিনাৰ তেল ব্যৱহাৰ কৰিব পাৰে।
হালধি: হালধিত এণ্টি-ইনফ্লেমেটৰী গুণ আছে। পেটৰ বিষ আৰু ফোলাভাব কম কৰাত ই সহায় কৰে।
ব্যায়াম: কিছুমান সহজ ব্যায়াম কৰিলে পেটৰ বিষ কম কৰাত সহায় কৰিব পাৰে।
তেতেলিৰ কুমলীয়া পাত: মিহিকৈ বটি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে পেটৰ বিষ ভাল হয়
পেটৰ বিষ হ’লে হিং আৰু ক’লা নিমখ দি গৰম কৰি লোৱা মিঠাতেল নাভিৰ চাৰিওফালে সানি দিব লাগে।
এক গ্ৰাম সৈন্ধৱ লৱণ আৰু আধা চামুচ বগা জিৰাৰ গুড়ি মিহলাই পেটৰ বিষ হ’লে খাব লাগে।
যদি ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা পেটৰ বিষ নকমাই, তেনেহ’লে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।