
পাকিস্তানে যদি আত্মসমর্পণ কৰিবই ওলাইছিল,তেন্তে যুদ্ধবিৰতি কিয়?
ৱেব ডেস্ক: জম্মু-কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৬জনকৈ পর্যটকক নির্মমভাবে গুলীয়াই হত্যা কৰাৰ পিছত ভাৰত চৰকাৰে আৰম্ভ কৰা ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰায় এশ দিনৰ পিছত প্ৰতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে ইয়াৰ সফলতাৰ খতিয়ান দাঙি ধৰে।
প্ৰথমবাৰলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিৰক্ষামন্ত্ৰীয়ে সদনৰ জৰিয়তে অপাৰেচন সিন্দুৰৰ সফলতাৰ কথা দাঙি ধৰে; কিন্তু তেওঁৰ বক্তব্যত বহু কথা অস্পষ্ট হৈ ৰ’ল। তাৰে ভিতৰত আছিল পাঁচজন পাক সন্ত্রাসবাদী ভাৰতত কেনেকৈ প্রবেশ কৰিলে, ভাৰতীয় সেনাৰ শীর্ষ বিষয়াই কোৱাৰ দৰে ভাৰত-পাকিস্তানৰ যুদ্ধত তৃতীয় পক্ষৰূপে চীনো জড়িত আছিল নেকি? পেহেলগামৰ ঘটনা কেনেকৈ সংঘটিত হ’ল? যুদ্ধবিৰতি কিহৰ বাবে হ’ল, এইসমূহ প্রশ্নৰ উত্তৰ সদনৰ মজিয়াত দাঙি নধৰিলে ৰাজনাথ সিঙে। যাৰ বাবে ইয়াক লৈ বিৰোধী সৰৱ হৈ পৰে। আজি সদনৰ মজিয়াত অপাৰেচন সিন্দুৰক লৈ আলোচনা হয়। এই আলোচনা কালত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক বহু প্ৰশ্নৰে থকা-সৰকা কৰে।
কালিৰ দিনটোত প্রতিৰক্ষামন্ত্ৰীয়ে সদনৰ মজিয়াত কয় যে অপাৰেচন সিন্দুৰৰ উদ্দেশ্য নাছিল সম্প্ৰসাৰণবাদী নীতিৰ। কেবল সন্ত্রাসবাদীৰ শিবিৰতহে আক্রমণ চলোৱাৰ উদ্দেশ্য আছিল। সেই উদ্দেশ্যত ভাৰত সফল হৈছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত গৌৰৱ গগৈয়ে প্রশ্ন কৰে যে এইখন চৰকাৰে পাক অধিকৃত কাশ্মীৰ দখল কৰিব বুলি কয়। যদি এতিয়াই নকৰে, তেন্তে কেতিয়ালৈ কৰিব? তেওঁলোকে এতিয়া কোনখন মুখেৰে পাক অধিকৃত কাশ্মীৰ দখলৰ কথা ক’ব? আজিৰ সদনৰ মজিয়াত প্ৰতিৰক্ষামন্ত্ৰীয়ে এইবুলিও কয় যে অপাৰেচন সিন্দুৰত ভাৰত সফল হৈছে। লক্ষ্যত উপনীত হৈছে। পাকিস্তানৰ আহ্বানমর্মেই যুদ্ধবিৰতি কৰা হৈছে।
এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে পাকিস্তানে যদি আত্মসমর্পণ কৰিব্বই ওলাইছিল, তেন্তে যজ্ঞবিৰতি কিহৰ বাবে কৰা হ’ল? এইখন চৰকাৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ সাময়িকভাবে স্থগিত আছে বুলিহে কৈছে। কিহৰ ভিত্তিত তেওঁলোকে এই অভিযান স্থগিত ৰাখিছে? পাক সন্ত্রাসবাদীয়ে পেহেলগামত ২৬জনকৈ নিৰীহ লোকক হত্যা কৰাৰ পিছতো পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিব নোৱাৰাটো বিফলতাকে সূচাইছে। যাৰ বাবে চৰকাৰে এতিয়া ক’বলৈ ধৰিছে যে এই অভিযান অব্যাহত থাকিব।
তেওঁ এইবুলিও কয় যে জম্মু- কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ পিছত সন্ত্রাসবাদী কার্যকলাপ নোহোৱা হৈছে আৰু জম্মু-কাশ্মীৰত পৰ্যটকক ভ্রমণ কৰিবলৈ আহ্বান জনাইছিল। পেহেলগাম ঘটনাৰ কেইদিনমান পূর্বে গৃহমন্ত্রী জম্মু-কাশ্মীৰত উপস্থিত হৈ তাৰ নিৰাপত্তাৰ বুজ লৈছিল। এনেস্থলত পেহেলগামৰ ঘটনা কেনেকৈ সংঘটিত হ’ল? অকল ইমানেই নহয়, তাৰ নিৰাপত্তা ব্যৱস্থাও টনকিয়াল নাছিল, যাৰ বাবে দিনদুপৰতে সন্ত্রাসবাদীয়ে পর্যটকক হত্যা কৰি পলায়ন কৰিবলৈ সক্ষম হৈছিল। আজিলৈ সেই সন্ত্রাসবাদীৰ শুংসূত্র উলিয়াব পৰা নাই। এয়া ভাৰতৰ নিৰাপত্তা পৰিস্থিতি আৰু চোৰাংচোৱাৰ বিফলতাকে সূচায় বুলি উল্লেখ কৰি ইয়াৰ দায়িত্ব গৃহমন্ত্রী অমিত শ্বাহ আৰু নিৰাপত্তা উপদেষ্টাই ল’ব লাগে। তেওঁলোকে জম্মু-কাশ্মীৰৰ লেফটেনেন্ট জেনেৰেলৰ ওপৰত সকলো দোষ জাপি হাত সাৰিব নোৱাৰে। পেহেলগামত আক্রমণ চলোৱা সন্ত্রাসবাদীৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰৰ অৰ্থনীতি নিঃশেষ কৰা আৰুভাৰতত হিন্দু-মুছলমানৰ ভাতৃত্ববোধত আঘাত হনা।
কিন্তু জম্মু-কাশ্মীৰৰ জনতাই সেয়া হ’বলৈ নিদিলে। জম্মু- কাশ্মীৰৰ লোকসকলে সন্ত্রাসবাদীৰ বলি হোৱা লোকসকলৰ সহায়ৰ বাবে যিমান সম্ভব হয় সকলো কৰে। যাৰ বাবে এই আক্ৰমণৰ বলি হোৱা পৰিয়ালে জম্মু-কাশ্মীৰৰ লোকসকলক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু এই আক্ৰমণৰ ঘটনাৰ পিছত ভাৰতত এক ৰাজনীতি চলোৱা হৈছিল। ছৌদি আব্ব ভ্রমণ সামৰি হঠাতে প্রধানমন্ত্রী ভাৰতত উপস্থিত হৈছিল। প্রধানমন্ত্রীৰ দায়িত্ব আছিল তেওঁ প্ৰথমে জম্মু-কাশ্মীৰত উপস্থিত হোৱা। কিন্তু তাকে নকৰি বিহাৰত গৈহে উপস্থিত হয় আৰু নির্বাচনী ভাষণ দিয়ে। ইয়াৰ উপৰি তেওঁ এই বুলিও কয় যে পাক সন্ত্রাসবাদীকেইজনে আক্রমণ চলাই কেনেকৈ সীমান্ত অতিক্রম কৰি উভতি গ’ল?
ইয়াৰ উপৰি আজি সদনৰ মজিয়াত গৌৰৱ গগৈয়ে কয় যে এই চৰকাৰৰ শাসনকালত এটাৰ পিছত এটাকৈ বৃহৎ সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছে। সন্ত্রাসবাদীক পুলিয়ে-পোখাই উভালি পেলোৱাৰ কথা কৈ আহিছে যদিও বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ শাসনকালতে উৰি, বালাকোট, পেহেলগামৰ দৰে ঠাইত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই চৰকাৰৰ এতিয়া এনে অহংকাৰ আহি পৰিছে যে সমগ্ৰ আক্ৰমণৰ ঘটনাটো এতিয়া জম্মু-কাশ্মীৰৰ ট্যুৰ অপাৰেটৰসকলৰ ওপৰত জাপি দিছে। চৰকাৰৰ লগতে এতিয়া নিৰাপত্তা পর্যালোচনা কৰা বিষয়াসকলৰো এতিয়া অহংকাৰ হৈছে, কিয়নো তেওঁলোকৰ যিমান ভুল হ’লেও তেওঁলোকৰ ওপৰত প্ৰশ্নৰ উত্থাপন নহয়। কিন্তু আমি প্রশ্ন উত্থাপন কৰিযাম। অপাৰেচন সিন্দুৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতীয় সেনাবাহিনীৰ বিষয়াই কৈছে যে তেওঁলোকে আৰম্ভণিতে পাকিস্তানৰ ২১টা লক্ষ্যস্থান ঠিক কৰি লৈছিল।
কিন্তু পিছত ৯টাতহে আক্রমণ চলায়। গৌৰৱ গগৈয়ে প্রশ্ন কৰে- এয়া কেনেকৈ হ’বলৈ পালে? কি পৰিস্থিতিত ২১টা স্থান বাছনি কৰি ৯টা স্থানতহে আক্রমণ চলোৱা হ’ল? অপাৰেচন সিন্দুৰৰ সময়ছোৱাত যদি ভাৰতৰ বিমানৰ ক্ষতি হৈছে সেয়া চৰকাৰে তথ্যসহকাৰে দাঙি ধৰিব লাগে। ভয় কৰিব নালাগে। বিৰোধী দলে অপাৰেচন সিন্দুৰৰ সময়ছোৱাত সম্পূর্ণ সমর্থন আগবঢ়াইছিল। পাকিস্তানত প্ৰৱেশ কৰি আক্রমণ চলোৱাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰক পূর্ণ সহযোগ আগবঢ়োৱাৰ কথা কৈছিল। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পিছতেই যুদ্ধবিৰতি ঘোষণা কৰা হ’ল। ভাৰতৰ সংবাদ মাধ্যমে যুদ্ধৰ সময়ছোৱাত এনে এটা ধাৰণা সৃষ্টি কৰিছিল যে ভাৰতে এতিয়া কৰাচী দখলৰ চেষ্টা চলাইছে। কিন্তু বাস্তব ক্ষেত্রত এই অভিযান আৰম্ভ হৈয়ে সমাপ্ত হয়।
কি পৰিস্থিতিত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিলে আৰু কিয় যুদ্ধ আধাতে সামৰিলে দেশবাসীক অবগত কৰিব লাগে। ইয়াৰ উপৰি তেওঁ কয়, ভাৰতীয় সেনাবাহিনীয়ে মতে এই যুদ্ধত পাকিস্তানক চীনেও সহায় কৰিছিল। কিন্তু বাজনাথ সিঙে কিয় এবাৰো চীনৰ নাম উচ্চাৰণ নকৰিলে? ভাৰত যদি বিশ্বগুৰুৱেই হয়, তেনেহ’লে আই এম এফ, বৰ্ল্ড বেংকৰ পৰা পাকিস্তানে কেনেকৈ বৃহৎ পৰিমাণৰ ধন লাভ কৰিলে?