
৮.৮ প্রাবল্যৰ ভূমিকম্পত ৰাছিয়াত জোকাৰণি, ছুনামিৰ সতর্কবাণী
ৱেব ডেস্ক: বতৰ বিজ্ঞান সংস্থাই প্রকাশ কৰা অনুসৰি ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সমীপত প্রবল ভূমিকম্প অনুভূত হয়। প্ৰাৰম্ভিক তীব্রতা ৮.৮ ৰেকৰ্ড কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। ৰাছিয়া আৰু জাপান উভয়ৰে কিছু উপকূলীয় অঞ্চলত অহা কেই ঘণ্টামানৰ ভিতৰত বিপজ্জনক ছুনামিৰ সতর্কবাণীও জাৰি কৰিছে আমেৰিকাৰ ছুনামি সতর্কতা ব্যৱস্থাই। বতৰ বিজ্ঞান বিভাগৰ সতর্কবাণীৰ পিছত এতিয়া ৰাছিয়াত হুনামিৰ প্রভার দেখা গৈছে।
প্রশাসনেও বহু ঠাইত ছাইবেন বজাই মানুহক সতর্ক কৰি দিছে। ইয়াৰ লগতে উপকূলীয় অঞ্চললৈ নাযাবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ভূমিকম্পৰ ফলত সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে। ভূমিকম্পৰ এনে বহু ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে সকলোকে আতংকিত কৰি তুলিছে।
বতৰ বিজ্ঞান বিভাগে এই সতর্কবাণী জাৰি কৰাৰ পিছত এতিয়া মানুহে ঘৰৰ পৰা ওলাই আহি নিৰাপদ স্থানত আশ্রয় গ্রহণ কৰিবলৈ আৰম্ভ কৰিছে। বহু ঠাইত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ছুনামিৰ ঢৌ। ৰাছিয়াৰ পূব উপকূলত ৮.৮ প্রাবল্যৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ছুনামিৰ সতর্কবাণী জাৰি কৰা হয়।
মঙলবাৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্রকাশ কৰা অনুসৰি, ৰাছিয়াৰ কামচাটৰ পৰা ১৩৬ কিলোমিটাৰ পুবে ভূমিকম্পৰ অভিকেন্দ্র। জাপানৰ বতৰ বিজ্ঞান সংস্থাই দেশখনৰ বাবে ছুনামিৰ সতর্কবাণী জাৰি কৰি ১ মিটাৰ উচ্চতালৈকে ঢৌৰ উঠিব পাৰে বুলি সতৰ্ক কৰি দিছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই ভূমিকম্পটো অভিকেন্দ্র বিশেষ গভীৰতাত নাছিল। মাত্র ১৯.৩ কিলোমিটাৰ (১২ মাইল) গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। যাৰ ফলত পৃষ্ঠৰ কম্পন আৰু ছুনামিৰ আশংকা বৃদ্ধি পাইছে।