
হদহদী জলপ্ৰপাতত বনভোজ বা বিনোদনমূলক যিকোনো কাৰ্য্য নিষিদ্ধ ঘোষণা
ৱেব ডেস্ক: নগাঁও জিলা বাসীক অৱগত কৰোৱা হৈছে যে, চহৰখনৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুংচুং চাহ বাগিচাত থকা পৰ্যটনস্থলী তথা বনভোজ ক্ষেত্ৰ ,হদহদী জলপ্ৰপাতটিত বিগত সময়চোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। য’ত জীৱনহানিৰ ঘটনাও প্ৰকাশ পাইছে।
লগতে, চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ প্ৰতিবেদন অনুসৰি নিশ্চিত হৈছে যে, উক্ত অঞ্চলটিত হোৱা দুৰ্ঘটনাবোৰত, বনভোজ বা বিনোদনৰ উদ্দেশ্যে জলপ্ৰপাতটিলৈ যোৱা বেছিভাগেই ছাত্ৰ-ছাত্ৰী/ যুৱক-যুৱতীসকলৰ সৈতে জড়িত ।
সেয়েহে, প্ৰাপ্ত তথ্যৰ ভিত্তিত আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, জিলা দণ্ডাধীশ তথা জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ৰ নিৰ্দেশমৰ্মে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি.এন.এছ.এছ.) ৰ ১৬৩ নং ধাৰা অনুযায়ী, হদহদী জলপ্ৰপাত ৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বাবে বনভোজ/বিনোদনমূলক যিকোনো কাৰ্য্য (যেনে— গা ধোৱা, সাঁতোৰা আদি কাৰ্যকলাপ) সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে, লুংচুং চাহ বাগিচা হৈ হদহদী জলপ্ৰপাতটি লৈ যোৱা যিকোনা ধৰণৰ ব্যক্তিগত যান বাহন চলাচল ও নিষিদ্ধ কৰা হৈছে।