
চটাইৰ জিষ্টত নিযুত মইনা আঁচনি ২.০ৰ শুভাৰম্ভ
ৱেব ডেস্ক: অসম চৰকাৰৰ অন্যতম অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচনিৰ ২.০ ৰ আবেদনৰ প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান আজি সমগ্ৰ ৰাজ্যতে আৰম্ভ হয়। এই আঁচনিৰ যোগেদি উচ্চ শিক্ষা আহৰণৰ বাবে ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখযোগ্য যে উচ্চ শিক্ষা গ্ৰহণত আৰ্থিক দৈন্যৰ বাবে যাতে বাধাৰ প্ৰাচীৰ হব নোৱাৰে তাৰ উদ্দশ্যে এই আঁচনি বিশেষভাৱে প্ৰস্তুত কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটো এই নিযুত মইনা আঁচনিৰ প্ৰ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
এই লৈ আয়োজিত সভাত বিশিষ্ট অতিথি হিচাপে টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়া বিকাশজ্যোতি কলিতা,গোহাঁই ফেচুৱাল গাঁও পঞ্চায়তৰ সভানেত্ৰী বিশিষ্ট সমাজকৰ্মী ৰুমী চেতীয়া,মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ আদিত্য বিহাৰ কণ্ডলী,জ্যেষ্ঠ অধ্যাপক ড৹ চন্দ্ৰ চুতীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়াই আৰু এই আঁচনিয়ে মহিলাসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হোৱাৰ লগতে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।উল্লেখযোগ্য যে এইবৰ্ষত এই আঁচনিত যোৰহাট জিলাৰ মুঠ ১৭ খন মহাবিদ্যালয় আৰু ৪২ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ১২০০০ ছাত্ৰী অন্তভুক্ত হ’ব বুলি জানিব পৰা গৈছে।