
ঢ়েকীয়াজুলিৰ মহাবিদ্যালয়ত নিযুত মইনা আচঁনি ২.০ শুভৰাম্ভণি কৰে মন্ত্ৰী অশোক সিংহলে
ৱেব ডেস্ক: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্য বিদ্যালয়-বিশ্ববিদ্যালয় সমূহত নিযুত মইনা আচঁনি ২.০ শুভৰাম্ভণি কৰা হয় । উল্লেখযোগ্য যে , অসম চৰকাৰে ১০ লাখ ছাত্ৰীৰ উচ্ছ শিক্ষা আহৰণৰ লক্ষ্যৰে পুনৰ নিযুত মইনা আচঁনি ২.০ মুকলি কৰে । ইয়াৰে সমান্তৰালকৈ ঢ়েকীয়াজুলিতো লোকপ্ৰিয় অমিয় কুমাৰ দাস মহ্যাবিদ্যালয়ৰ প্ৰাংগনত মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহল , সম জিলা আয়ুক্ত জ্যোতিভা বৰা লগতে মহ্যাবিদ্যালয়খনৰ অধ্যক্ষ , বিষয়ববীয়া আৰু কণ্যা শিক্ষাৰ্থী সকল উপস্থিত থাকে।