
মানকাচৰৰ কুচনিমাৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
ৱেব ডেস্ক: মানকাচৰৰ কুচনিমাৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।অভিযানত জব্দ ১০০০ ইয়াবা টেবলেট, দুটা বাইক আৰু নগদ ৩৮০০ টকা। নিশা মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুচনিমাৰাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে দুজন সৰবৰাহকাৰী আটক কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন সোলেমান আলী (৩০) আৰু শ্বাহ আলম আহমেদ (৪৭) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।