
বিলাসীপাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয়া হাজাৰ হাজাৰ লোক
ৱেব ডেস্ক: চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা ১ম খণ্ড আৰু জমদুৱাৰ প্ৰথম খণ্ড গাঁৱৰ ১০০ টা ৰাজবংশী আৰু দেশী খিলঞ্জীয়া পৰিয়ালক দিলে উচ্ছেদৰ জাননী। এইবাৰ বেদখলকাৰী বা মিয়া মুছলমান নহয় এইবাৰ উচ্ছেদৰ জাননী পালে খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজবংশী আৰু দেশী মুছলমানে। জাননী পাই খিলঞ্জীয়া লোকৰ মাজত লাগিল হাহাকাৰ পৰিস্থিতি।
চিৰাকুটাত পট্ৰাভুক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। নিশাৰ ভাগত খিলঞ্জীয়া ভুমি পুত্ৰ মানুহে ঘৰ এৰি প্ৰতিবাদত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ লোকে। ৰাজবংশী হিন্দু খিলঞ্জীয়া লোকৰ হুংকাৰ আমি পট্ৰাভুক্ত ভূমি এক কঠা মাটি এৰি নিদিওঁ লগতে খাস মাটিত বসবাস কৰা মাটিও আমি এৰি নিদিওঁ। তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে পুনৰ দুই হাজাৰ বিঘা মাটি অধিগ্ৰহণৰ বাবে আৰু উচ্ছেদ জাননী প্ৰেৰণ কৰিছে ধুবুৰী জিলা প্ৰশাসনে।
চিৰাকুটা প্ৰথম খণ্ড আৰু জমদুৱাৰ দ্বিতীয় আৰু প্ৰথম খণ্ড গাঁৱত যুগ যুগ ধৰি খিলঞ্জীয়া ভুমি পুত্ৰ ৰাজবংশী,জন জাতি আৰু দেশী মানুহে বসবাস কৰি আহিছে। উক্ত মাটিত আদানি গ্ৰুপক গতাই দিয়াৰ বাবে যো জা চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।উক্ত মাটিত পট্ৰাভুক্ত ভূমি খিলঞ্জীয়া মানুহে এক কটাও মাটিও এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে। অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে খিলঞ্জীয়া মুছলমান আৰু ৰাজবংশী ৰাইজে।