
চাপৰৰ চিৰাকুটাত বিশাল গণ বিক্ষোভ কাৰ্যসূচী আমছু'ৰ
ৱেবডেস্ক: বিলাসীপাৰাৰ চিৰাকুটাত আমছুৰ গণ বিক্ষোভ কাৰ্যসূচী। বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱাৰ লগতে অসমৰ বিভিন্ন জিলাত অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী। লগতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী।
চাপৰৰ চিৰাকুটাত বিশাল গণ বিক্ষোভ কাৰ্যসূচীৰ শেষত আমছু’ৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আৰক্ষীয়ে আটক কৰি চাপৰ থানা লৈ আহে। প্ৰায় তিনি ঘন্টাৰ পিছত আৰক্ষীয়ে আমছু’ৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে আটক কৰা আমছু কৰ্মী সকলক মুকলি কৰি দিয়ে।
মুকলি হৈ আমছু’ৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ গৰজি উঠিল মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰেজাউল কৰিম চৰকাৰ কয় যে স্বৈৰাচাৰী চৰকাৰখনৰ ধৈৰ্য নাই আমছু’ৰ কথা শুনিবলৈ। গণতান্ত্ৰিক আন্দোলনক ভৰিৰ মহাৰিব বিচাৰে মুখ্যমন্ত্ৰীয়ে। আমছুৰ আন্দোলন যিমান হ’ব সিমানে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাব বুলি কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছু’ৰ সভাপতি গৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে কোৱা অবৈধ নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ চলিব বুলি যি মন্তব্য দিছে তাক লৈ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক চকা সমালোচনা কৰে।