
ডিব্ৰুগড়ৰ ইছলাম ৰহমানৰ ঘৰত চোৰে চলালে চাফাই অভিযান
ৱেবডেস্ক : ডিব্ৰুগড় লেকাই ঠাকুৰথানত নিশা ইছলাম ৰহমান নামৰ লোক জনৰ ঘৰত চোৰে চলালে চাফাই অভিযান। নিশা অহাৰ গ্ৰহণ কৰি শুই যোৱা পাছতেই ঘৰৰ খিৰিকীৰে প্ৰৱেশ কৰি একৈশ হাজাৰ পাঁচশ টকা নগদ ধন, এটা এনড্ৰইড মোবাইল ফোন সহ দুই লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ লৈ উধাও হয় । পুৱা মিলন নগৰ আৰক্ষীক খবৰটো অৱগত কৰাত তাৎক্ষণিকভাৱে আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখে ।