
দুধনৈ ৰাজহুৱা খেলপথাৰত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন
ৱেবডেস্ক: সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহুৱা খেলপথাৰত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ আৰু স্থানীয় প্ৰশাসনৰ সৌজন্যত আৰু স্থানীয় দ’ল- সংগঠনৰ সহযোগত স্বাধীনতা দিৱসৰ কাৰ্যসূচী হাতত লয়৷
অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে ছহীদ তৰ্পণ কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই ৷
ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছতে প্ৰশাসনৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে কুচকাৱাজ প্ৰদৰ্শন কৰে ৷ অভিভাদন গ্ৰহণ অনুষ্ঠানত দুধনৈ সম জিলাৰ আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্ম, দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ উপস্থিত থাকে৷ স্বাধীনতা দিৱসৰ দিনটোত দুধনৈ ৰাজহুৱা খেলপথাৰত বিভিন্ন বিহুকে ধৰি জাতি- জনগোষ্ঠীৰ কৃষ্টি, দেশপ্ৰেম মুলক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৷