
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা নিযুক্তি
ৱেবডেস্ক: অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি দিয়া হৈছে প্রাক্তন বিধায়িকা আঙুৰলতা ডেকাক। আজি ৰাজ্য চৰকাৰে তেওঁক এই পদত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।
বটদ্ৰৱা সমষ্টিত যোৱা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত আঙুৰলতা ডেকাক বিজেপিৰ সভা-সমিতিত অংশগ্রহণ সীমিত হোৱা পৰিলক্ষিত হৈছিল। সেইবাবে চর্চা লাভ কৰিছিল যে তেওঁ পুনৰ ৰাজনীতিলৈ উভতিব নে নাই। সেই চর্চা চলি থকাৰ মাজতে তেওঁক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে দায়িত্ব দিয়া হৈছে। অহা তিনি বছৰলৈ তেওঁ এই দায়িত্বত থাকিব। আজি এই আয়োগৰ দুগৰাকী সদস্যা হিচাপে কবিতা ৰয় শইকীয়া আৰু নীলিমা ব্রহ্মাকো নিযুক্তি দিয়া হৈছে।