
শিক্ষা বিভাগৰ অধীনত ৩৪২ প্রার্থীক নিযুক্তিপত্র প্রদান মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক : স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্রক্রিয়া অব্যাহত ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী ভকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত 342 গৰাকী প্রার্থীক নিযুক্তি-পত্র প্রদান কৰে।ইয়াৰে ৰাজ্যৰ পলিটেকনিকসমূহত 141 গৰাকী কাৰিকৰী বিষয়ৰ আৰু 95 গৰাকী অকাৰিকৰী প্রযয়ৰ প্রবক্তাকে ধৰি সৰ্বমুঠ 236 গৰাকী প্রবক্তা।
আনহাতে আজিৰ অনুষ্ঠানতে ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু লিটেকনিকসমূহত 85 গবাকী জ্যেষ্ঠ প্রশিক্ষক আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত ও গৰাকী তথা পলিটেকনিকসমূহত 18গৰাকী হাগারিকক নিযুক্তিপত্র প্রদান কৰা হয়। মুখ্যমন্ত্রীয়ে আজি প্রদান কৰা এই নিযুক্তিপত্রব ফলত বর্তমানৰ ৰাজ্য চৰকাৰৰ র্যকালত প্রদান কৰা নিযুক্তিৰ সংখ্যা 1,21, 182 লৈ বৃদ্ধি পালে।এই উপলক্ষে প্রদান বা ভাষণত মুখ্যমন্ত্রী অভিযান্ত্রিক সেবা নিযুক্তি ব’র্ডে জনোৱা অনুমোদনৰ ভিত্তিত আজি নিযুক্তিপত্র প্রদান কৰা হৈছে। তেওঁ কয় যে 2022 চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে এই নিযুক্তি ব’র্ডে জনোৱা অনুমোদনৰ ভিত্তিত 630 গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকত প্রবক্তা আৰু অন্যান্য পদত নিযুক্তি প্রদান কৰিছে।
তদুপৰি 2024 চনত অসম লোকসেৱা আয়োগে জনোৱা অনুমোদনৰ ভিত্তিত 76 গৰাকী প্রার্থীক অভিযান্ত্রিক মহাবিদ্যালয়সমূহত কাৰিকৰী আৰু অকাৰিকৰী বিষয়ৰ সহকাৰী অধ্যাপক পদত নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্রীয়ে কয় যে 1 লাখ চৰকাৰী পদত ৰাজ্যৰ যুৱক-যুবতীসকলক নিযুক্তি প্রদানৰ বাবে নিৰ্বাচনৰ সময়ত প্রদান কৰা প্রতিশ্রুতি পূৰণৰ দিশত আগবাঢ়ি ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহত অধ্যাপক-অধ্যাপিকাৰ পদ পূৰণত বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিছিল। কিয়নো এইধৰণৰ শিক্ষানুষ্ঠানত শিক্ষকৰ পদ খালী হৈ থাকিলে শিক্ষার্থীসমাজ যথেষ্ট ক্ষতিৰ সম্মুখীন হয়।তেওঁ মন্তব্য কৰে যে বিগত 10-15 বছৰ ধৰি ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো জটিলতাৰ মাজত আবদ্ধ হৈ আছিল।
ৰাজ্য চৰকাৰে বিভিন্ন প্রচেষ্টাৰে এই জটিলতা আঁতৰ কৰাৰ পিছত ৰাজাৰ 26 খন চৰকাৰী পলিটেকনিক আৰু 7খন অভিযান্ত্রিক মহাবিদ্যালয়ৰ খালী হৈ থকা অধ্যাপক-অধ্যাপিকাৰ পদ পূৰণৰ প্রক্রিয়া প্রায় সম্পূর্ণ হোৱাৰ দিশত আগবাঢ়িছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত এই প্রক্রিয়া সম্পূর্ণ হৈ উঠিব। ভাফাত মুখ্যমন্ত্রীয়ে ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহৰ গুণগত মান বৃদ্ধিৰ লগতে চতুর্থ ঔদ্যোগিক বিপ্লৱৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে দক্ষ মানব সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰে।