
গুৱাহাটী, ১৮/০৭/২০২৫: ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া পদ্মপাণি বৰাক তথ্য আৰু জনসম্পর্ক বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্ব প্রদান কৰিছে।
উল্লেখ্য যে ২০০৯ চনৰ আইআৰএছ বিষয়া পদ্মপাণি বৰা পৰ্যটন বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। তাৰোপৰি অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক হিচাপেও কার্যনির্বাহ কৰিছিল।
অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালকৰ লগতে পৰিচালন সঞ্চালক হিচাপে কার্যনির্বাহ কৰিছিল। পর্যটন নিগমৰ পৰিচালন সঞ্চালক হিচাপে অতি দক্ষতাৰে কাৰ্য পৰিচালনা কৰি আছে বৰাই। পর্যটনক এটা উদ্যোগ হিচাপে গঢ়ি তোলাত তেওঁৰ আছে অন্যতম ভুমিকা।
পর্যটনক সাংস্কৃতিক আদান-প্রদানৰ সেতু হিচাপে গঢ়ি তুলিছে। চলচ্চিত্র পর্যটন আৰু নীতি পুনৰগঠনৰ তেওঁ নতুন দিগন্তৰ দুৱাৰ মুকলি কৰিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিদেশী পর্যটকক আকর্ষণ কৰিবলৈ অসমক প্রতিনিধিত্ব কৰিছিল। জি২০ৰ বৈঠকতো অসমৰ পর্যটনে গুৰুত্ব লাভ কৰিছিল। য’ত বিদেশী পর্যটকসকলে পর্যটনৰ
আতিথ্য লাভ কৰিছিল। কাজিৰঙা, মানস আদি অঞ্চলত বিলাসী ৰিজ’ৰ্ট গঢ়ি তোলাত গুৰুদায়িত্ব পালন কৰি আছে। এগৰাকী দায়িত্বশীল আইআৰএছ হিচাপে তেওঁৰ অভিজ্ঞতা কামত লগাই আর্থিক শৃংখলাবদ্ধ পৰিচালনাৰ আদৰ্শ প্রতিষ্ঠা কৰিছে। তাৰোপৰি অসমখনক দক্ষিণ এছিয়াৰ এক সাংস্কৃতিক আৰু প্রাকৃতিক ট্যুৰিজিমৰ গেটৱে হিচাপে গঢ়ি তোলাত অৱদান যোগায় আহিছে।