
আজি অসমলৈ আহিছে ৰাহুল গান্ধী-মল্লিকার্জুন খার্গে
বুধবাৰ,১৬/০৭/২০২৫: প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে গৌৰৱ গগৈ নির্বাচিত হোৱাৰ পিছত প্রথমবাৰলৈ অসমলৈ আহিব বিৰোধী দলপতি তথা সাংসদ বাহুল গান্ধী আৰু ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে। তেওঁলোকক আদৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে প্রদেশ কংগ্রেছে।
আজি ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গে গুৱাহাটীত উপস্থিত হৈ শেহতীয়াকৈ নিযুক্তি দিয়া জিলা কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।
যিহেতু সমাগত বিধানসভা নির্বাচন। অসমত কি ধৰণেৰে কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰা যাব সেই বিষয়ক লৈ চলিব আলোচনা। তেওঁলোকৰ উপস্থিতিত মিত্ৰতাৰ বিষয়টোও আলোচনা হোৱাৰ সম্ভাৱনা আছে। মিত্ৰতাৰ প্রসংগটো আলোচনা চলি আছে যদিও এতিয়ালৈ আনুষ্ঠানিকতা লাভ কৰা নাই। আজি এই বিষয়টোক লৈ বিশদভাবে আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি আজি কংগ্রেছে ‘২৬ৰ নিৰ্বাচনৰ ৰণডংকা বজোৱাৰো প্রস্তুতি চলাইছে।
কালি এই সন্দর্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিতেন্দ্র সিঙে কয় যে- ‘কাইলৈ ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গেই জিলা কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰি অন্যান্য কংগ্রেছ নেতাসকলৰ সৈতেও মিলিত হ’ব। আগন্তুক নির্বাচনত অসমত কংগ্ৰেছে কি ধৰণে আগবাঢ়িব সেই বিষয়ে নেতাদ্বয়ে সকলোৰে পৰা মতামত গ্রহণ কৰিব’।
লগতে অসমৰ পৰিস্থিতিৰ বিষয়েও বুজ ল’ব। তেওঁলোকে, প্রদেশ কংগ্রেছক পথ নির্দেশনা দিব। তেওঁ লগতে কয় যে – আজি ছয়গাঁৱত কংগ্ৰেছৰ যি সভা হ’ব, সেয়া ইতিহাসৰু এক বৃহৎ সভা হ’ব। সেই সভাত মণ্ডল কংগ্রেছা বিষয়ববীয়াৰ উপৰি বুথ কর্মীসকল উপস্থিত থাকিব। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এই সভাখন অনুষ্ঠিত হ’ব, য’ত কংগ্ৰেছৰ বহুতো সদস্য উপস্থিত থাকিব আৰু সকলোৰে মতামত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে।
লগতে পঢ়ক: Assam | Akhil gogoi : শিৱসাগৰত ৰাইজৰ দলত তিনি শতাধিক লোকৰ যোগদান