
আজি দিনযোৰা কাৰ্য্যসূচীৰে দৰং জিলাৰ খাৰুপেটীয়া চহৰত অৱস্থিত অসম ক্লাৱৰ প্ৰেক্ষাগৃহত অসম চৰ চাপৰি সাহিত্য সভাৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা অনুষ্ঠিত হয় । সভাৰ সভাপতি খবিৰ আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত “আমছু”ৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান , চাহ সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতীকে আদি কৰি ভালে কেইজন আমন্ত্ৰিত অতিথিয়ে ভাষন আগবঢ়ায়। সভাত অসমৰ ভালে কেইখন জিলাৰ পৰা প্ৰতিনিধি উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসটো আটক ধূনীয়া কৈ উদযাপনত যথেষ্ট অৰিহণা যোগাইছে।
