
নৈপৰীয়া যুৱক সংঘৰ সৌজন্যত আৰম্ভ উধানতলা চুপাৰ লীগ -2025
ৱেবডেস্ক: উধানতলা নৈপৰীয়া যুৱক সংঘৰ সৌজন্যত উধানতলা চুপাৰ লীগ -2025 আজিৰে পৰা আৰম্ভ হয়। বৃহত্তৰ উধানতলা বাসী ৰাইজৰ আৱেগৰ সৈতে জড়িত উধানতলা চুপাৰ লীগ -2025 ৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক তথা ধিং সমষ্টিৰ যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকী। বছৰ- বছৰ ধৰি উধানতলা খেল পথাৰত অনুষ্ঠিত হৈ অহা এই চুপাৰ লীগত ৰাজ্যৰ লগতে বহি: ৰাজ্যৰ বহু নামী দামী ফুটবল খেলুৱৈ সকলে অংশগ্ৰহণ কৰে। নৈপৰীয়া ৰাইজৰ খুব পছন্দীয় এই লীগ পৰ্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাই বৃহত্তৰ অঞ্চল জুৰি এক ক্ৰীড়া সুলব পৰিৱেশ গঢ়ি উঠিছে।