
উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত চাপৰত অনির্দিষ্টকালীন ধর্মঘট কৃষক-ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ
ৱেব ডেস্ক: ‘গোটেই অসমজুৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ এক বিভীষিকা চলাই অসমীয়াৰ পৰা মাটি কাঢ়ি নি আদানী-আম্বানিহঁতক গতাই দিয়াৰ চক্রান্তত লিপ্ত হৈছে। এফালে উচ্ছেদৰ দ্বাৰা যুগ যুগ ধৰি বসবাস কৰা ভাৰতীয় দৰিদ্ৰ নাগৰিকক গৃহহাৰা কৰাৰ বিপৰীতে বিজেপি মন্ত্রী-বিধায়কে মাটি দখলৰ প্রতিযোগিতা চলাইছে।’ -এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ।
চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত চাপৰত চিৰাকুটাৰ উচ্ছেদিত ১২০০ পৰিয়ালক পুনৰসংস্থাপনৰ দাবীত চাপৰ চক্র বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত যোৱা ১৭ জুলাইৰ পৰা আৰম্ভ হোৱা কৃষক-ছাত্র মুক্তি সংগ্রাম সমিতিৰ অনির্দিষ্টকালীন অৱস্থান ধর্মঘটব তৃতীয়দিনাৰ কাৰ্যসূচীত অংশগ্রহণ কৰি কৃষক নেতা আকাশ দলেই এইদৰে কয়।
লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি নাজিমুল হক আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ, কেন্দ্রীয় সহকাৰী সাধাৰণ সম্পাদক আখতাৰ হুছেইনে ভাষণ প্রসংগত কয় যে উচেছদিত গৃহহীন ভাৰতীয় দৰিদ্ৰ নাগৰিকসকলক চৰকাৰে পুনৰসংস্থাপন নিদিয়ালৈকে এই আন্দোলন কার্যসূচী চলি থাকিব বুলি হুংকাৰ দিযে। টিলাপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিবাকুটাৰ প্রত্যেকটো উচ্ছেদিত পৰিয়ালক শীঘ্রেই পুনৰসংস্থাপিত কৰাৰ দাবীত চাপৰ ৰাজহ চক্র কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ অনির্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আজিৰ তৃতীয় দিনাৰ কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতৃ বৃন্দৰ লগতে বহুসংখ্যক উচ্ছেদিত ৰাইজে অংশগ্রহণ কৰে।
ধর্মঘটস্থলীত KMSSৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ সৈতে ছাত্র মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক আলামিন হকো উপস্থিত থাকি উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰসংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰে। উল্লেখ্য যে যোৱা ৮ জুলাইত চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত উল্লিখিত গাঁও তিনিখনত প্রশাসনে ৰাজ্যৰ বৃহত্তম উচ্ছেদ অভিযান চলাই ১২০০ পৰিয়ালক উচ্ছেদ কৰি তাপবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে প্রায় ৩৫০০ বিঘা মাটি বেদখলমুক্ত কৰিছিল।