
মানকাচৰৰ বিদ্যুত উপ-সংমণ্ডল কাৰ্যালয় স্থানান্তৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
মানকাচাৰ: মানকাচৰৰ বিদ্যুত উপ-সংমণ্ডল কাৰ্যালয় খন বেলেগ ঠাইলৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত সমগ্ৰ অঞ্চলত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে এই স্থানান্তৰণক সম্পূৰ্ণৰূপে অযৌক্তিক, অবিচাৰসুলভ আৰু জনবিরোধী বুলি আখ্যা দি তীব্ৰ প্ৰতিবাদ।
৭০ বছৰ ধৰি মানকাচৰত বিদ্যুত উপ-সংমণ্ডল কাৰ্যালয় খন সুষ্ঠুভাৱে চলি আহিছে আৰু সমগ্ৰ অঞ্চলবাসীৰ বাবে এটি কেন্দ্ৰীয় সুবিধা ৰূপে কাম কৰি আহিছে। যদিহে এই কাৰ্যালয় অন্য ঠাইলৈ স্থানান্তৰ কৰা হয়, তেতিয়া মানকাচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ আৰু আশে পাশৰ থকা বৃহত্তৰ অঞ্চল হেজাৰ হেজাৰ বিদ্যুত গ্ৰাহক সকলৰ বিদ্যুত সেৱা গ্ৰহণত অসুবিধাৰ সন্মুখীন হ’ব বুলি ৰাইজৰ আশঙ্কা।
স্থানীয় সচেতন ৰাইজে আজি মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। মানকাচৰ বিদ্যুত উপ সংমণ্ডল কাৰ্যালয় খন ১৮ কিলোমিটাৰ নিলগৰ সোনাপুৰ লৈ যোৱা ষড়যন্ত্ৰত ৰাইজে বিদ্যুত বিভাগৰ এই সিদ্ধান্তৰ তীব্ৰ নিন্দা জনাই কয় যে, এই কাৰ্যালয় মানকাচৰত থাকিব লাগিব, কাৰণ এই অঞ্চল বিদ্যুত ব্যৱস্থাপনা আৰু সেৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ স্থান। প্ৰতিবাদকাৰীসকলে বিভাগীয় বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শীঘ্ৰে জিলা আয়ুক্ত আৰু বিদ্যুৎ মন্ত্ৰী সংশ্লিষ্ট বিভাগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।
উল্লেখযোগ্য যে, এই সিদ্ধান্ত ৰাইজৰ মত বিনিময় নকৰাকৈ লোৱা হোৱাত অঞ্চলবাসীৰ বিশ্বাস ভংগ হৈছে। প্ৰতিবাদকাৰী সকলে এই ষড়যন্ত্ৰ আঁতৰ নকৰিলে বৃহত্তৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।