
ৰঙিয়াত ৰে'ল কৰ্তৃপক্ষই পাহৰিছে স্বচ্ছ ভাৰত অভিযানৰ কথা
ৰঙিয়া: ২০১৭চনত দেশৰ ভিতৰত ৭নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল পৰিস্কাৰ পৰিচন্নতাৰ ক্ষেত্ৰত। আজি সেই ষ্টেচন কদৰ্যময় পৰিৱেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰঙিয়া ৰেলৱে ষ্টেচনৰ দৃশ্য দেখিলে ৰাইজৰ চকু কঁপালত উঠিছে।
ৰঙিয়াৰ ৰে’লৱে ষ্টেচন চৌহদত প্ৰৱেশ কৰিলে আপুনি নাক কোচাবলৈ বাধ্য হ’ব। কাৰণ এইদৰেই চৌহদৰ ভিতৰত দেৱালৰ কাষতে প্ৰস্ৰাৱ কৰে একাংশই। আনকি তাৰকাষতে চাহ-পকৰীৰ দোকানো আছে।
ৰঙিয়া ৰে’ল ষ্টেচনত নাই শৌচাগাৰ,প্ৰচাবগাৰৰ সুবিধা যাৰ বাবে যাত্ৰী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। কিমান স্বাস্থ্যসন্মত এইবোৰ? এইসমূহ প্ৰশ্ন উত্থাপন কৰি স্থানীয় যুৱকে সামাজিক মাধ্যমত এৰিলে ভিডিঅ’ তাৰ পাছতে সামাজিক মাধ্যমত তুলপাৰ লাগিছে ।
কিছুদিন পূৰ্বে জি.এম. আহিছিল পৰ্যবেক্ষণৰ বাবে। কিন্তু কি চালে জি.এম গৰাকীয়ে? কি দেখুৱালে ৰঙিয়া ৰেল ডিভিজনৰ ডি.আৰ.এম গৰাকীয়ে?
ৰেলৱেৰ এই দুৰ্গন্ধময় পৰিৱেশৰ বাবে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিছে ৰেলযাত্ৰীসকলৰ সমান্তৰাল ভাৱে স্থানীয় লোকে। অতিশীঘ্ৰে ৰঙিয়া ৰেল জংচনত পৰিস্কাৰ পৰিচন্নতা কৰি ৰাখিবলৈ দাবী জনাই দল সংগঠনে।