
শিৱসাগৰত উজনি অসম থলুৱা মুছলিম পৰিষদৰ সংবাদ মেল
শিৱসাগৰ: প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে উজনি অসম থলুৱা মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতি ফৰিদ ইছলাম হাজৰিকাই। উচ্ছেদ সম্বন্ধে সংবাদমেলৰ আয়োজন সংগঠনটোৰ।
সংবাদমেলত মন্তব্য কৰি কয়- চৰকাৰী ভূমিত বেদখল উচ্ছেদ কাৰ্য্যক আমি সমৰ্থন জনাইছো । শিৱসাগৰ জিলাৰ চিন্তামনিগড় অঞ্চলত অবৈধ বাংলাদেশী আছে বুলি শৃংখল চলিহাই সংবাদ মাধ্যমত মন্তব্য দিবলৈ ক’ত সাহস পালে । শৃংখল চলিহাই চিন্তামনিগড় অঞ্চলৰ ইতিহাস নাজানে নেকি ? চিন্তামনিগড় অঞ্চলৰ লোকে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল । শৃংখল চলিহাই কাটি দিম মাৰি দিম বুলি কবলৈ কত সাহস পালে । তেওঁক উচ্ছেদ চলাবলৈ কোনে অধিকাৰ দিলে ? শৃংখল চলিহাৰ ব্যক্তব্যই উজনিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব । শৃংখল চলিহাই যদিও বাংলাদেশী দেখুৱাই দিব পাৰে আমিও সেই বাংলাদেশী খেদিম ।
লগতে কয় যে চৰকাৰে উচ্ছেদ চলালে চিন্তামনিগড় অঞ্চলৰ মানুহে চৰকাৰী ভূমি নিজেই এৰি দিব । কিন্তু এই অঞ্চলৰ মানুহ সম্পূৰ্ণৰূপে ভাৰতীয় ।তেওঁলোকক চৰকাৰে সংস্থাপন দিয়াৰ বাবেও আহ্বান জনাম। চিন্তামনিগড় অঞ্চলৰ মিটং নদীৰ দাতিত কিছু অংশত গৰু খুটি পাতি বা খেতি কৰি চৰকাৰী মাটি দখল কৰি থকাটো সত্য । এই চৰকাৰী ভূমি উচ্ছেদ হোৱাৰ পক্ষে আমি সমৰ্থন জনাম । ঐতিহাসিক চিন্তামনিগড়ত বেদখল যদি হৈছে তাত শীঘ্ৰেই উচ্ছেদ হব লাগে । মাত্ৰ থলুৱা মানুহৰ হাৰাশাস্তি হব নালাগে । উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰ্মীয় প্ৰসংগ আহিব নালাগে । যিয়েই বেদখল কৰিছে তাক উচ্ছেদ কৰাত আমি সমৰ্থন জনাইছো ।কিন্তু তেওঁলোক সম্পূৰ্ণ ভাৰতীয় নাগৰিক গতিকে তেওঁলোকক বাংলাদেশী সজাবলৈ শৃংখল চলিহাই কত সাহস পালে ।