
এটা বছৰত ২.১৬ লাখ ভাৰতীয়ই ত্যাগ কৰিলে নাগৰিকত্ব
ৱেব ডেস্ক: ২০২৪ চনত ২.০৬ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত এই কথা প্রকাশ কৰে। বিদেশ মন্ত্রী কীর্তিবর্ধন সিঙে ৰাজ্যসভাত কয় যে ২০২৩ চনত ২.১৬ লাখ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ২০২২ চনত ২.২৫ লাখতকৈ অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল। ২০২১ চনত এই সংখ্যা আছিল ১.৬ লাখ, ২০২০ চনত ৮৫,২৫৬ আৰু ২০১৯ চনত ১.৪ লাখ।
কংগ্ৰেছৰ সাংসদ অনিল কুমাৰ যাদৱ মাণ্ডাদীৰ এক প্ৰশ্নৰ উত্তৰত ‘এটা বছৰত ২.১৬ লাখ ভাৰতীয়ই ত্যাগ’ মন্ত্রীগৰাকীয়ে এই তথ্য প্রদান কৰে। সিঙে কয় যে নাগৰিকত্ব ত্যাগ কৰিব বিচৰা ব্যক্তিয়ে অনলাইন আবেদন কৰিব লাগিব, তাৰ পিছত জিলা উপায়ুক্ত বা কনছুলাৰ বিষয়াই মূল পাছপ’র্ট পৰীক্ষা কৰে। ৩০ দিনৰ ভিতৰত যোগান ধৰিবলগীয়া ইনপুটৰ বাবে সকলো চৰকাৰী বিভাগকে নথি- পত্র আপলোড কৰি উপলব্ধ কৰা হয় বুলি মন্ত্রীগৰাকীয়ে কয় -ভাৰতীয় আৰু এই সময়সীমাৰ পিছত ত্যাগ প্রমাণপত্র প্রদান কৰা হয়।
মার্চ মাহত কেন্দ্রীয় চৰকাৰে সংসদত জনাইছিল যে ২০১৮ চনত নাগরিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা ১.৩৪ লাখ আৰু ২০১৭ চনত ১.৩৩ লাখ। ভাৰতীয় নাগৰিকত্ব ত্যাগ বা বিদেশী নাগৰিকত্ব লোৱাৰ কাৰণসমূহ ব্যক্তিগত আৰু কেরল ব্যক্তিজনেহে জানে বুলি বেন্দ্রীয় চৰকাৰে কৈছিল।