
গুৱাহাটী, ১৮/০৭/২০২৫: ৰাহুল গান্ধীৰ দায়িত্বজ্ঞানহীন মন্তব্যই ৰাজ্যৰ শান্তি বিঘ্নিত কৰিছে পাইকানৰ ঘটনাক লৈ মুখ্যমন্ত্রী
এদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা বিৰোধীৰ দলৰ দলপতি ৰাহুল গান্ধীয়ে কালি ছয়গাঁৱত কংগ্ৰেছৰ এক ৰাজহুৱা সভাত ঘোষণা কৰিছিল যে তেওঁলোকৰ চৰকাৰ শাসনলৈ আহিলে উচ্ছেদিত তথা ভূমিহীন পৰিয়ালসকলক ভূমি প্রদান কৰিব।
ৰাহুল গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্রিয়া স্বৰূপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াৰ জৰিয়তে কয় যে -“ ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ’ল। তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূর্বক বেদখল কৰিবলৈ চেষ্টা চলাই থকাৰ সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰি এচামে অসম আৰক্ষী বনকর্মীসকলক আক্রমণ কৰে। কতৰ্য্যৰত অৱস্থাত ২১জন আৰক্ষী বিষয়া আৰু বনৰক্ষী গুৰুতৰভাৱে আঘাত প্রাপ্ত হৈছে। বিকল্প ব্যবস্থা নোহোৱা হেতু আৰক্ষীয়ে পৰিস্থিতি পুনবোদ্ধাৰ কৰিবলৈ গুলিচালনা কৰিবলগা হৈছিল। যাৰ ফলত এজন বেদখলকাৰী দুর্ভাগ্যজনকভারে মৃত্যু হৈছিল। এয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম। তেওঁৰ দায়িত্বজ্ঞানহীন মন্তব্যৰ ফলত ৰাজ্যত শান্তি-শৃংখলা বিঘ্নিত হৈছে বুলি প্রকাশ কৰিছে”।