
এছ আই আৰৰ পোষ্টাৰ ফালি প্ৰিয়ংকা গান্ধীৰ প্ৰতিবাদ
ৱেব ডেস্ক: বর্ষাকালীন অধিৱেশনৰ পঞ্চমদিনাও ভোটাৰ তালিকাৰ পুনৰীক্ষণ (এছ আই আৰ)ক লৈ সদনৰ মজিয়াত আলোচনাৰ দাবীৰে বিৰোধীৰ প্ৰতিবাদ অব্যাহত থাকে। কেৱল সদনৰ ভিতৰতে নহয়,বাহিৰতো
এছ আই আৰৰ পোষ্টাৰ ফালি প্ৰিয়ংকা ইন্ডিয়া মহাজোঁটৰ প্ৰতিবাদ অব্যাহত আছে।
বিহাৰত নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰি আছে। ইয়াৰ বিৰুদ্ধে বিৰোধী সৰৱ হৈ পৰিছে। ভোটাৰসকলক ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ নামত নথি-পত্ৰ বিচাৰি হাৰাশাস্তি চলাই থকাৰ অভিযোগ, তুলিছে বিৰোধীয়ে। এই বিষয়টো সদনৰ মজিয়াত আলোচনা কৰাৰ দাবীৰে প্ৰতিবাদ চলাই থকাৰ মাজতে আজি বিৰোধী সাংসদসকলে সংসদ চৌহদৰ গান্ধী প্রতিমূৰ্তিৰ পৰা নতুন সংসদ ভৱনৰ মুখ্য দ্বাৰলৈ পদযাত্রা উলিয়ায়, য’ত ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী আৰু মল্লিকার্জুন খার্গেই অংশ লয়। মুখ্য দ্বাৰৰ সম্মুখত উপস্থিত হৈ ৰাহুল- প্রিয়ংকাসহ বিৰোধী সাংসদসকলে এছআই আৰৰ পোষ্টাৰ ফালি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে এছ আই আৰৰ পোষ্টাৰ ডাষ্টবিনলৈ নিক্ষেপ কৰাৰ লগতে এছ আই আৰক ডাষ্টবিনত নিক্ষেপ কৰাৰো চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাগেই কয় যে এছ আই আৰৰ জৰিয়তে দৰিদ্ৰ ভোটাৰসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলাই থকা হৈছে। সংবিধান অনুসৰি পৰিচালিত হোৱা নাইচৰকাৰ। ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। বিৰোধীৰ এনে প্রতিবাদৰ ফলত লোকসভাৰ কাম-কাজ ২৮ জুলাইলৈ স্থগিত কৰা হয়। সোমবাৰে লোকসভাত অপাৰেচন সিন্দুৰক লৈ আলোচনা হ’ব, যাৰ বাবে ১৬ ঘণ্টা নির্ধাৰণ কৰা হৈছে।
প্ৰতিবাদৰ মাজতেই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে সমগ্র দেশে নির্বাচন আয়োগৰ নিৰপেক্ষতা আৰু ভোটাৰৰ ভোটদানৰ অধিকাৰক লৈ চিন্তিত হৈ আছে। এনে এক গম্ভীৰ সময়ছোৱাত দেশৰ প্রধানমন্ত্রী বিদেশ ভ্রমণত আছে। যি সময়ত সদন চলি আছে আৰু বহু বিষয়ৰ আলোচনাৰ দাবী উত্থাপন কৰি থকা হৈছে, তেনে সময়ত প্রধানমন্ত্রী বিদেশ ভ্রমণত ব্যস্ত। ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে তেওঁ কিমান এই বিষয়সমূহৰ ওপৰত সংবেদনশীল।