
আজি পৃথিৱীলৈ উভতাৰ সম্ভাৱনা আছে শুভাংশু শুক্লাসহ ৪ জনীয়া দলটো
মংগলবাৰ,১৫/০৭/২০২৫: আজি পৃথিৱীলৈ উভতাৰ সম্ভাৱনা আছে শুভাংশু শুক্লাসহ ৪ জনীয়া দলটো। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব। ১৮ দিনীয়া মহাকাশ যাত্ৰা সামৰি এক্সিয়াম-৪ অভিযানত যোৱা চাৰিজনীয়া দলটোৱে আজি পৃথিৱীলৈ উভতাৰ সম্ভাৱনা আছে ।
যোৱা মাহত এক্সিয়াম-৪ অভিযানত তেওঁলোক মহাকাশলৈ গৈছিল। ভাৰতৰ পৰা আই এছ এছত ভৰি দিয়া শুভাংশু শুক্লা দ্বিতীয়জন মহাকাশচাৰী হিচাপে তেওঁ বহু গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাইছিল। এতিয়া তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে।এই অভিযানৰ নেতৃত্বত আছিল আমেৰিকাৰ প্ৰবীণ মহাকাশচাৰী তথা এক্সিয়ামৰ কমাণ্ডাৰ পেগী হুইটছন।
এই অভিযানে ভাৰতক বিশ্ব মহাকাশ বিজ্ঞানত এক নতুন পৰিচয় দিছে। স্পেচএক্সৰ ড্ৰেগন কেপচুল আৰু ফেলকন-৯ ৰকেটৰ সহায়ত এই অভিযান সম্পূৰ্ণ নিৰাপদ আৰু সফল হৈছিল। শুভাংশু শুক্লাৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহে ভৱিষ্যতে মহাকাশ ভ্ৰমণ আৰু মহাকাশত জীৱনৰ সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব। শুভাংশ শুক্লা আৰু তেওঁৰ ৪ জনীয়া দলটো যিটো কেপচুলত আই এছ এছলৈ গৈছিল, তাৰ পৰা সেই একেটা কেপচুলতে উভতি আহিব। এই কেপচুলটো নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ২০২৫ চনৰ ২৫ জুনত ফেলকন-৯ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল। ৰিটাৰ্ণৰ বাবেও একেটা কেপচুল ব্যৱহাৰ কৰা হ’ব, যিটো সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু নিৰাপদ।
স্পেচএক্সৰ ড্ৰেগন মহাকাশযান ‘গ্ৰেচ’ এতিয়া ডেৰ ২২ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১৫ জুলাই মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় ৩ বজাত আমেৰিকাৰ কেলিফৰ্ণিয়া উপকূলৰ সমীপত সাগৰত অৱতৰণ কৰিব। ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে এই অভিযান ঐতিহাসিক আছিল, কিয়নো চাৰি দশকৰ পাছত এই দেশসমূহৰ মহাকাশচাৰীসকলে মানৱবাহী অভিযানত অংশগ্ৰহণ কৰিছিল।
শুভাংশ শুক্লাৰ এই অভিযান ভাৰতৰ বাবে ঐতিহাসিক আৰু গৌৰৱৰ বিষয়। তেওঁ আই এছ এছত ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা চলাইছিল, য’ত ৭টা ভাৰতীয় আৰু ৫টা নাছাৰ পৰীক্ষাও আছিল।