
৬ আগষ্টত আৰম্ভ হ'ব নিযুত মইনা ২.০
ৱেব ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত লোকসেৱা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত এক বৈঠকত অসম মন্ত্রীসভাৰ সদস্য, বিধায়ক, জিলা আযুক্ত, শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অহা ৬ আগষ্টত শুভাৰম্ভ কৰিবলগীয়া নিযুত মইনা ২.০ আঁচনিখনৰ ৰূপায়ণ সন্দর্ভত পর্যালোচনা কৰে। উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু সংহত শিক্ষক প্রশিক্ষণ কার্যসূচী আৰু বিএড পাঠ্যক্ৰমত শিক্ষা গ্রহণৰ বাবে উপযুক্ত ৫ ছাত্ৰীসকলক প্ৰ-পত্ৰ বিতৰণৰ জৰিয়তে নিযুত মইনা ২.০ৰ আৰম্ভণি কৰা হ’ব।
আঁচনিখনৰ জৰিয়তে যাতে সর্বাধিক সংখ্যক ছাত্রী উপকৃত হয় তাৰ বাবে স্বচ্ছ আৰু সুচাৰু ৰূপায়ণ সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা আয়ুক্ত আৰু অধ্যক্ষসকলক নির্দেশ দিয়ে। উল্লেখ্য যে নিযুত মইনা আঁচনিৰ অধীনত আর্থিক সাহায্য প্রদান কৰি ছাত্ৰীসকলৰ সবলীকৰণ, বিদ্যালয় এৰাৰ সংখ্যা হ্রাস কৰা আৰু উচ্চ শিক্ষাৰ বাবে উৎসাহিত কৰাৰ বাবে অসম চৰকাৰে এক ইতিবাচক পদক্ষেপ আৰম্ভ কৰিছে। নিযুত মইনা ২.০ আঁচনিখন অধিক প্ৰসাৰিত কৰি ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰাৰ লগতে আঁচনিৰ সুবিধা সময়মতে প্ৰদান কৰাটো সুনিশ্চিত কৰি জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ মাজত সমন্বয় অধিক সু-সংগঠিত কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য লৈছে। ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ ফলপ্রসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সকলো অংশীদাৰক দক্ষতাৰে কাম কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে কয়, ‘নিযুত মইনা ২.০ কেৱল এখন কল্যাণমূলক আঁচনিয়ে নহয়, ই অসমৰ প্ৰতিগৰাকী ছাত্ৰীৰ সপোন পূৰণত আৰু শিক্ষা গ্রহণত সহায় কৰাৰ আমাৰ অংগীকাৰ। আমি যেতিয়া ছাত্রীৰ শিক্ষাত বিনিয়োগ
কৰোঁ, তাৰ অৰ্থ হৈছে ৰাজ্যৰ ভবিষ্যতত বিনিয়োগ কৰা।’ ইয়াৰ উপৰি কোনো যোগ্য ছাত্রী যাতে বাদ পৰি নাযায় তাৰ বাবে মুখ্যমন্ত্রীয়ে বিষয়াসকলক এটা নবীকৃত তথ্য কোষ সাজু কব্বিলৈ, হিতাধিকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়া সু-শৃংখলিত কৰিবলৈ আৰু তৃণমূল পর্যায়ত সজাগতা অভিযান চলাবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে জিলা আয়ুক্ত আৰু শিক্ষা বিভাগক নিযুত মইনা ২.০ আঁচনিখন শিক্ষাৰ ক্ষেত্ৰত সর্বাংগীন আৰু পৰিৱৰ্তনশীল প্রশাসন ব্যৱস্থাৰ এক আদর্শ হিচাপে গঢ়ি তোলাৰ বাবেও নির্দেশ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে নিযুত মইনা ২.০ ত তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আদি কেন্দ্রীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্রীসকলকো সামৰি লোৱা হ’ব। এই ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰাজহ আদি বিভাগৰ মন্ত্ৰী কেশব মহন্ত, ক্রীড়া আৰু যুব কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পাল, দক্ষতা বিকাশ আদি বিভাগৰ মন্ত্রী প্রশান্ত ফুকনৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদী, উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ।