
উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ
নিউজ ডেস্ক: উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখড়ে। তেওঁ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্রত তেওঁ লিখিছে- স্বাস্থ্যক অগ্রাধিকাৰ হিচাপে ৰাখ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ আৰু চিকিৎসাৰ পৰামৰ্শ পালন কৰি মই ভাৰতৰ উপ-বৰাষ্ট্ৰপতি পদৰ পৰা তাৎক্ষণিকভারে কার্যকৰী হোৱাকৈ পদত্যাগ কৰিছো। পত্ৰখনত তেওঁ ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে প্রধানমন্ত্রী আৰু কেবিনেটক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
২০২২ চনত জগদীপ ধনখড়ে চতুর্দশ উপ-ৰাষ্ট্রপতি হিচাপে শপত গ্রহণ কৰিছিল। ২০২২ চনৰ ৬ আগষ্টত অনুষ্ঠিত উপ-বাষ্ট্রপতি নির্বাচনত ধনখড়ে বিৰোধী প্রার্থী মার্গারেট আলভাক পৰাস্ত কৰিছিল। মুঠ ৭২৫টা ভোটন ভিতৰত ধনখড়ে ৫২৮টা ভোট লাভ কৰাৰ বিপৰীতে আলভাই ১৮২টা ভোট লাভ কৰিছিল।
উল্লেখ্য যে ১৯৫১ চনৰ ১৮ মে’ত ঝুনঝুনু জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্রহণ কৰা জগদীপ ধনখৰৰ প্রাথমিক শিক্ষা গাঁওখনতে লাভ কৰে। তাৰ পিছত চিত্তৌৰগড়ৰ সৈনিক স্কুলত ভর্তি হয়। এন ডি এ (বাষ্ট্রীয় প্রতিৰক্ষা একাডেমী)ত ধনখড় নির্বাচিত হৈছিল, কিন্তু তেওঁ ভর্তি হোৱা নাছিল। বাজস্থান বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ পিছত তেওঁ এল এল বি অধ্যয়ন কৰে। জয়পুৰত থাকি আইন প্রেক্টিচ আৰম্ভ কৰিছিল।
৭০ বছৰীয়া জগদীপ ধনখড়ক ২০১৯ চনৰ ৩০ জুলাইত বাষ্ট্রপতি বামনাথ কোবিন্দে বংগৰ ২৮ সংখ্যক ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ৰাজস্থানৰ বুনঝুনুৰ পৰা লোকসভাৰ সাংসদ হিচাপে কার্যনির্বাহ কৰিছিল। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ভি পি সিং আৰু চন্দ্রশেখৰ চৰকাৰৰ বেন্দ্রীয় মন্ত্রীও আছিল।