
পথে পথে পোষ্টাৰ আঁৰি আদৰণি মোদীক
ৱেব ডেস্ক: ব্রিটেইন ভ্ৰমণ সামৰি মালদ্বীপত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ব্রিটেইন ভ্রমণ সমাপ্ত কৰি শুকুৰবাৰে মালদ্বীপৰ মালেত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুরে প্রধানমন্ত্রী মোদীক সাৱটি ধৰি আদৰণি জনায়। ইয়াৰ উপৰি দেশৰ বৈদেশিক মন্ত্রী, প্রতিৰক্ষা মন্ত্রী, বিত্তমন্ত্রী আৰু গৃই সুৰক্ষামন্ত্রীও উপস্থিত হৈ ব্রিটেইন ভ্রমণ সামৰি মালদ্বীপত উপস্থিত প্রধানমন্ত্রীক আদৰণি জনায়। মালদ্বীপৰ সৈতে চলি থকা উত্তেজনাৰ মাজতে স্বাধীনতা দিবস উপলক্ষে মুখ্য অতিথি হিচাপে প্রধানমন্ত্রীক আমন্ত্রণ জনোৱাৰ অর্থ হ’ল দুয়োখন দেশে ইখনে সিখনৰ সৈতে উন্নত সম্পর্ক গঢ়ি তুলিবলৈ চেষ্টা চলাইছে।
ভাৰতে মালদ্বীপৰ সৈতে সম্পর্ক আৰু অধিক অবনতি ঘটাটো নিবিচাৰে,কাৰণ ভাৰতে জানে যে যদি এনেকুৱা হয় তেন্তে চীন অধিক লাভবান হ’ব। মালদ্বীপৰ সকলো ঠাইতে প্রধানমন্ত্রী মোদীক আদৰণি আৰু অভিনন্দন জনোৱাৰ বাবে পোষ্টাৰ লগোৱা হৈছে। বেছিভাগ পোস্টবতে মোদীৰ ফটো দেখা গৈছে। প্রধানমন্ত্রী মোদীক আদৰিবলৈ অহা লোকসকলে ভাৰতীয় ত্ৰিৰংগা জোকাৰি আছিল। বহু শিশুরে মোদীৰ প্রতি থকা মৰম দেখুৱাবলৈ নিজৰ লগত ফটো লৈ গৈছিল। প্রধানমন্ত্রী মোদীৰ মালদ্বীপ ভ্রমণ বহু দিশত বিশেষ। ভাৰত-মালদ্বীপৰ সম্পর্কত স্থিতিশীলতা আৰু বিশ্বাস পুনৰুদ্ধাৰ কৰাটো এটা গুরুত্বপূর্ণ কাৰণ। ইয়াৰ উপৰি স্বাধীনতা দিবস উদযাপন উপলক্ষে দিয়া আমন্ত্রণ ভাৰতৰ বাবেও এক ডাঙৰ কৌশলগত জয়। চীনে এই বার্তা পালে যে দক্ষিণ এছিয়াত ভাৰতৰ কূটনীতিয়ে নির্ণায়ক ভূমিকা পালন কৰে, চীনৰ সন্দৰ্ভত ভাৰতৰ বাবে এইটো ভাল। ৰাষ্ট্রপতি মুইজু চৰকাৰৰ বহু ভাৰতবিৰোধী সিদ্ধান্তৰ পিছতো
মোদী চৰকাৰে সংযম প্রদর্শন কৰি নিজৰ নিপুণ কৌশলেৰে পৰিস্থিতি সলনি কৰিলে। ভাবতে কেতিয়াও চুবুৰীয়া দেশ মালদ্বীপৰ সৈতে মুখামুখি হোৱাটো বিচৰা নাছিল। মালদ্বীপৰ সৈতে ভাৰতে উত্তেজনা বৃদ্ধি হোৱাটো নিবিচাৰে। ভু-ৰাজনৈতিক গুৰুত্বৰ বাবে ভাবতে মালদ্বীপৰ সৈতে মুখামুখি হোৱাটো নিবিচাৰে কাৰণ ভাৰত মহাসাগৰত মালদ্বীপ ভাৰতৰ নিকটতম সামুদ্রিক প্রতিবেশী দেশ।
ইয়াৰ উপৰি চীনে বিনিয়োগৰ জৰিয়তে মালদ্বীপত নিজৰ হস্তক্ষেপ বৃদ্ধি কৰিছিল। তৃতীয় কাৰণ হ’ল ভাৰতৰ চুবুৰীয়া প্রথম নীতি, য’ত মালদ্বীপ সদায় ভাৰতৰ অগ্রাধিকাৰৰ শীৰ্ষত আছে। মালদ্বীপক আর্থিকভাবে সহায় কৰিবলৈ ভাৰতে ২০২৪ চনত মালদ্বীপক ৪০ কোটি ডলাৰ আগবঢ়াইছিল। ভাৰতে নৌসেনাৰ সঁজুলি, প্রশিক্ষণ আৰু বিমানসেৱা আদি প্ৰতিৰক্ষা সহযোগিতাও বজাই ৰাখিছিল। ভাৰতে কেইবাটাও প্রকল্পৰ জৰিয়তে মালদ্বীপত আন্তঃগাঁথনি গঢ়ি তুলিছিল। ভাৰতে ২০২৫ চনৰ জানুৱাৰী আৰু মে’ মাহত নতুন দিল্লী আৰু মালেত কেইবাখনো উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল। এনেধৰণৰ ৰাজনৈতিক আলোচনাই দুয়োখন দেশৰ মাজত উত্তেজনাৰ অন্ত পেলোৱাতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছি।