
ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি পাক সেনাপ্রধান মুনিৰৰ
ৱেবডেস্ক: পাকিস্তানৰ সেনাপ্রধান ফিল্ড মার্শাল অসীম মুনিৰে ভাৰতৰ সৈতে ভবিষ্যতে হ’বলগীয়া যুদ্ধত দেশৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলে পাৰমাণবিক যুদ্ধ চলাব বুলি সকীয়নি দিছে। তেওঁ ভাৰতক ভাবুকি দি কৈছে, আমি এখন পাৰমাণবিক অস্ত্ৰৰে সজ্জিত দেশ, যদি আমি যুদ্ধত পৰাস্ত হোৱা বুলি অনুভৱ কৰোঁ, তেন্তে আমি আধা বিশ্বক শেষ কৰি নিঃশেষ হৈ যাম। আমেৰিকাৰ ভূমিৰ পৰা এই ভাবুকি দিয়া হৈছে, যিটো আমেৰিকাৰ ভূমিত তৃতীয়খন দেশৰ বাবে প্ৰথম পাৰমাণবিক ভাবুকি বুলি ধাৰণা কৰা হৈছে।
পাকিস্তানৰ ব্যৱসায়ী আদনান আছাদে আয়োজন কৰা নৈশ আহাৰৰএক কাৰ্যসূচীত এই ভাবুকি প্রদান কৰা হৈছে। নৈশ আহাৰত উপস্থিত থকা সূত্ৰৰ মতে, তাৰ পিছত মুনিবে সিন্ধু জল সন্ধি সন্দর্ভত মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে ইয়াক নিলম্বন কৰিলে ২৫ কোটি লোক অনাহাৰত পৰিব পাৰে। ভাৰতে বান্ধ নির্মাণ কৰিবলৈ অপেক্ষা কৰিম আৰু যেতিয়া সেয়া সম্পূর্ণ হ’ব তেতিয়া ১০টা ক্ষেপণাস্ত্র নিক্ষেপ কৰিম বুলিও ভাবুকি দিয়ে। মুনিৰে কয়, সিন্ধু নদী ভাৰতীয়ৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয়, আমাৰ ক্ষেপণাস্ত্ৰৰ অভাৱ নাই।
অনুষ্ঠানত অতিথিসকলক মোবাইল ফোন বা কোনো ডিজিটেল ডিভাইচ কঢ়িয়াই নিব দিয়া হোৱা নাছিল আৰু ভাষণৰ কোনো লিখিত ৰেকৰ্ড জাৰি কৰা হোৱা নাছিল। কেইবাজনো অংশগ্রহণকাৰীৰ স্মৃতিৰ ওপৰত ভিত্তি কৰি দ্য প্রিন্টে ভাষাৰ বিষয়বস্তু পুনৰ নিৰ্মাণ কৰিছিল। ইয়াৰ পূৰ্বে মুনিৰক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড ‘নাল্ড ট্রাম্পক সাক্ষাৎ কৰিবলৈ আমন্ত্রণ জনোৱা হৈছিল।