
শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
ৱেব ডেস্ক: বিশ্ব ৰাজনীতিত চলি থকা চাঞ্চল্যৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত শুল্ক জাপি দিয়াৰ মাজতেই ভাৰত ভ্ৰমণ কৰিব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী ছাগেই শোইগুৰ সৈতে হোৱা বৈঠকত এই কথা প্রকাশ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। বর্তমান ডোভাল ৰাছিয়াত আছে। এই সময়ছোৱাত তেওঁ ৰাছিয়া আৰু ভাৰতৰ কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ চেষ্টা কৰিব। ইয়াৰ পূৰ্বে ৪ বছৰ আগত পুটিন ভাৰতলৈ আহিছিল।
২০২১ চনত দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া-বাছিয়াৰ ২১তম বার্ষিক শীর্ষ সম্মিলনত অংশগ্রহণ কৰিছিল তেওঁ। সেই সময়ছোৱাত ভাৰত-বাছিয়াৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰ হৈছিল। তদুপৰি ২০২২ চনত ইউক্রেইনৰ লগত আৰম্ভ হোৱা ৰাছিয়াৰ যুদ্ধৰ পাছত এয়া প্রথমবাৰৰ বাবে তেওঁ ভাৰতলৈ আহিব। অৱশ্যে এতিয়ালৈকে তাৰিখ নির্ধাৰণ হোৱা নাই। মস্কোত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ বক্তব্যৰ উদ্ধৃতি দি বৃহস্পতিবাৰে ইন্টাৰফেক্ট সংবাদ সংস্থাই এই তথ্য প্রদান কৰে। ডোভালে কয় যে ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্রপতি পুটিনে। ইয়াক লৈ আমি সুখী। এই ভ্ৰমণৰ পৰা আমি বহু ইতিবাচক ফল আশা কৰিছো। আমাৰ সম্পর্ক দীর্ঘদিনীয়া আৰু ইয়াক আমি মূল্য দিওঁ।
উল্লেখ্য যে আমেৰিকাই ভাৰতৰ ওপৰত জাপি দিয়া শুল্ক বোজাৰ মাজতে বাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ খবৰে বিশেষ গুৰুত্ব বহন কৰিছ। কিছুদিন পূর্বে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তাৰ কিছুদিন পাছত ৬ আগষ্টত পুনৰ অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে। ইয়াৰ কাৰণ ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰা বুলি কৈছে। ট্রাম্পে কৈছিল যে বাছিয়াৰ পৰা ভাৰতে তেল আৰু অস্ত্র-শস্ত্র ক্রয় কৰে। ইয়াৰ বাবে ভাৰতৰ ওপৰত পৃথককৈ জৰিমণাও। ঘোষণা কৰে ট্রাম্পে। কিন্তু আমেৰিকাৰ হেঁচাত শিবনত নকৰি ভাৰতে স্পষ্টকৈ কৈছে যে ভাৰতে ৰাষ্ট্ৰৰ হিতৰ হৈ যি ভাল তাকেই কৰিব। আনকি আমেরিকাই ও যে বাছিয়াৰ সৈতে বাণিজ্য কৰে সেই দিনটোৰ কথাও উদঙাই দিয়ে। আমেৰিকাৰ ৰাছিয়াৰ সৈতে থকা বাণিজ্য সন্দর্ভত ট্রাম্পে কয় যে তেওঁ এই বিষয়ে একো নাজানে। কিন্তু ইয়াৰ পাছতে পুনৰ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰে। ইয়াৰ মাজতে বাছিয়া ভ্রমণৰ বাবে ৰাওনা হয় অজিত ডোভাল। ইফালে চীন ভ্রমণৰ বাবে সাজু হৈছে প্রধানমন্ত্রী নবেন্দ্র মোদী। এই সকলো ঘটনা পৰিঘটনাৰ মাজত এতিয়া ভাৰত ভ্রমণ কৰিব ৰাষ্ট্রপতি পুটিনে।