
১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব ভাৰত-ইএফটিএৰ ১০০ বিলিয়ন ডলাৰৰ বাণিজ্য চুক্তি
ৱেবডেস্ক: ভাৰত আৰু চাৰিখন দেশৰ ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ই এফ টি এ) গোটৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী পীযূষ গোৱেলে শনিবাৰে এক্স পোষ্টত এই তথ্য প্রদান করে। দুয়োপক্ষই ২০২৪ চনৰ ১০ মাৰ্চত বাণিজ্য আৰু অর্থনৈতিক ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰত।
অংশীদারিত্ব চুক্তি (TEPA)ত স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত ইএফটিএত অন্তর্ভুক্ত দেশসমূহে অহা ১৫ বছৰত ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। লগতে ছুইছ ঘড়ী, চকলেট আৰু পলিছ কৰা হীৰা আদি বহু সামগ্রী কম বা শূন্য শুস্কত ভাৰতলৈ আমদানি কৰিব পৰা যাব। ই এফ টি এত আইচলেও, লিচেনস্টাইন, নৰৱে, ছুইজাৰলেণ্ড আদি অন্তর্ভুক্ত। ই এফ টি এ দেশৰ বিনিয়োগে ভাৰতত ১০ লাখ প্রত্যক্ষ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব। এই চুক্তিৰ অধীনত অহা ১০ বছৰত ৫০ বিলিয়ন ডলাৰ আৰু অহা পাঁচ বছৰত আৰু ৫০ বিলিয়ন ডলাৰ বিনিয়োগ কৰা হ’ব। এই গোটত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে ছুইজাৰলেণ্ড। বাকী তিনিখন দেশৰ লগত বাণিজ্য কম।
এই চুক্তিৰ অধীনত ভাবতে নিজৰ শুল্ক লাইন বা সামগ্রীৰ শিতানৰ ৮২.৭ শতাংশ আগবঢ়াইছে, ই এফ টি এব বপ্তানিৰ ৯৫.৩ শতাংশ সামৰি লৈছে। তদুপৰি এই চুক্তিয়ে ঘৰুৱা ৰপ্তানিকাৰকসকলক ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন) বজাৰত একত্রিত হোৱাৰ সুযোগ প্রদান কৰিব। ২০২৪-২৫ বিত্তীয় বর্যত ভাবত-ইএফটিএব মাজত বাণিজ্যৰ পৰিমাণ আছিল ২৪.৪ বিলিয়ন ডলাৰ। কেন্দ্রীয় মন্ত্রী পীযূষ গোরেলে কয় যে এই চুক্তিখন সম্পূর্ণ হ’বলৈ প্রায় ১৬ বছৰ সময় লাগিছিল আৰু ই এফ টি এ দেশৰ বহু সামগ্ৰীৰ বাবে ভাৰতৰ বজাৰ মুকলি কৰি দিয়াৰ বাবে ভাৰতৰ বাবেই গুৰুত্বপূর্ণ। এই গোটত ছুইজাবলেও ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ