
উৰিয়ামঘাটৰ উচ্ছেদৰ মাজতে এইবাৰ এন এছ চি এনৰ এন্ট্রি
ৱেব ডেস্ক: অসম-নাগালেও সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কাইলৈ চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলমুক্ত কৰা হ’ব বেংমা কনাঞ্চলৰ প্ৰায় ১১ হাজাৰ বিঘা তুমি। ইতিমধ্যে সাজু হৈছে প্রশাসন, বন বিভাগ, আৰক্ষী সকলো। উৰিয়ামঘাটৰ উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্রীতিবৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে উৰিয়ামঘাট সীমান্তলৈ অনা হৈছে কেইবাশ আৰক্ষী জোৱান। নিয়োগ কৰা হৈছে চি আৰ পি এফ আৰু কমান্ডো বাহিনী।
উচ্ছেদব বাবে সীমান্তত সাজু কৰা হৈছে শতাধিক বুলড’জাৰ। উৰিয়ামঘাটৰ ৰেংমা সীমান্ত হাইস্কুলৰ খেলপথাৰত সাজু কৰিছে চৰকাৰী বুলড ‘জাৰ। বন বিভাগৰ জাননীৰ পিছতেই ৭০ শতাংশ বেদখলকাৰীয়ে সীমান্ত ত্যাগ কৰিছে যদিও ৩০ শতাংশ লোক এতিয়াও বনাঞ্চলৰ ভূমিত বাস কৰি আছে। উচ্ছেদৰ সময়ত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে প্রশাসন। কিন্তু এনে উচ্ছেদৰ পূৰ্বেই এইবাৰ উৰিয়ামঘাটত ৰেংমা বনাঞ্চলৰ উচ্ছেদক লৈ এন্ট্রি হৈছে নাগালেণ্ডৰ সশস্ত্র সংগঠন এন এছ চি এন। অসম-নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলৰ উচ্ছেদক লৈ নাগালেণ্ডৰ সংগঠন এন এছ চি এনে জাৰি কৰে এক বিবৃতি। এন এছচি এনৰ এই বিবৃতিৰ পিছতেই এতিয়া সমগ্র অঞ্চলটোতেই উত্তেজনা বিৰাজ কৰিছে। বিবৃতিটোত নাগালেণ্ড প্রশাসনক দাবী জনাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে এন এছ চি এনে।
বিবৃতিটোত উল্লেখ কৰিছে,’অসম চৰকাৰে লোৱা এই উচ্ছেদৰ সীদ্ধান্ত সম্পূর্ণ পৰিকল্পিত। সীমান্তত দশকজুৰি গোপনে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীসকল সীমান্তৰ বিবদমান অঞ্চলত স্থায়ীভাবে বসতি স্থাপন কৰিছিল। অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ দ্বাৰা অতিৰিক্তভাৱে দখল আৰু উচ্ছেদ কৰাৰ নামত অসম চৰকাৰে নাগালেণ্ড চৰকাৰক প্ৰতাৰণা কৰিছে। চুক্তিৰ নীতি ভংগ কৰি নগাসকলৰ ভূমিত অসমে উচ্ছেদ চলাই দখল কৰাৰ চেষ্টা কৰিছে। বিবৃতিটোত আৰু উল্লেখ কৰিছে যে সাধাৰণ নগা জনতাই নাগালেণ্ড চৰকাৰক গম্ভীৰভাৱে প্রশ্ন কৰিব লাগে যে নাগালেণ্ডৰ ৰাজনীতিবিদসকলে কেনেকৈ নগাসকলৰ ভূমি অসম চৰকাৰে দখল কৰিব পাৰে। ইয়াত যেন নাগালেণ্ড চৰকাৰৰ একমাত্ৰ উত্তৰ হ’ল নাগালেণ্ডৰ ৰাজনীতিবিদসকলে কেইজনমান আৰক্ষীৰ সৈতে ফটো তোলাৰ পিছত সীমান্ত অঞ্চল অসুৰক্ষিত কৰি থৈ যোৱা। নাগালেণ্ড চৰকাৰে নাগালেণ্ডক কেৱল এক ডিজিটেল ৰাজ্য হিচাপে ৰাখিব বিচাৰে, ইয়াত ভৌগোলিকভারে কোনো ভূমিকা গ্রহণ নকৰে। এন এছচি এনৰ এই পত্ৰৰ পিছতেই সৰুপথাৰ সমজিলাৰ লগতে সীমান্ত অঞ্চলৰ লোকসকলক শংকিত কৰি তুলিছে।
উৰিয়ামঘাটৰ উক্ত অঞ্চল ভাবুকিসূচক পত্ৰৰ পিছতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ভয়ৰ কোনো শংকা নাই। নাগালেণ্ড চৰকাৰে এই উচ্ছেদক সম্পূর্ণ আদৰণি জনাইছে। উচ্ছেদৰ পিছত সমগ্র উচ্ছেদস্থলীত অসম চৰকাৰে সুৰক্ষিত কৰি ৰাখিব। একেদৰে এই এন এছ চি এনৰ এই পত্ৰৰ পিছতে প্রাক্তন আছু নেতা শিবাশিস শৰ্মাই মন্তব্য কৰি কয় যে এন এছ চি এনে যি প্রেছ বিবৃতি প্রকাশ কৰিছে, তাত তেওঁলোকে অসমৰ উচ্ছেদক লৈ কেইবাটাও দাবী নাগালেণ্ড প্রশাসনক জনাইছে। তাত অসমৰ ৰাইজ শংকিত হ’ব নালাগে, কিয়নো অসমৰ যিখিনি ভূমি সেইখিনি নাগালেণ্ডৰ বুলি দাবী কৰিলেও অসমৰ ৰাইজৰ লগতে চৰকাৰে মানি নলয়।
গৃহ বিভাগৰ দায়িত্বত যিহেতু মুখ্যমন্ত্রী আছে,গতিকে উৰিয়ামঘাট সীমান্তৰ উচ্ছেদৰ পিছতেই অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্রাসনক লৈ ইতিমধ্যে স্মাৰকপত্র দল-সংগঠনসমূহে প্রদান কৰিছে। তেওঁ লগতে কয় যে এন এছ চি এনৰ প্ৰেছ বিবৃতি অনুসৰি তেওঁলোকে লিখিছে যে অসম চৰকাৰে উচ্ছেদ সম্পর্কে লোৱা এই সিদ্ধান্ত হঠাতে লোৱা আৰু সু- পৰিকল্পিত।
অসম চৰকাৰে এই উচ্ছেদৰ গইনা লৈ নাগালেণ্ডৰ ভূমি দখল কৰিব বিচাৰিছে। তেওঁলোকে দাবী কৰিছে যেনাগালেণ্ড চৰকাৰে নাগালেণ্ডক কেবল ছ’চিয়েল মিডিয়াত আৰু ইন্টাৰনেটত থকা বুলিহে ইতিকিংসূচক মন্তব্য কৰিছে, ভৌগোলিক দিশত গুরুত্ব নিদিয়ে বুলি এন এছ চি এনে প্রেছ বিবৃতিত জনাইছে। লগতে ছাত্রনেতাজনে পুনৰ কয় যে কাইলৈ উৰিয়ামঘাট সীমান্তত ১১ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলিব আৰু সৰুপথাৰ সমজিলাৰ বাবে এক ঐতিহাসিক দিন হৈ ৰ’ব। উৰিয়ামঘাটত মিত্ৰণৰ আগ্রাসন হৈছিল, জলবায়ুৰ পৰিৱৰ্তন হৈছিল। সীমান্তত মিঞাই অর্থনৈতিক বিপ্লর গঢ়িছিল। চুপাৰিৰ ছিন্ডিকেট, তামোলৰ বাগান, শিলৰ ব্যৱসায় আদিকে ধৰি বহুতো ছিন্ডিকেট চলাইছিল। লগতে তেওঁ চৰকাৰক উদ্দেশ্যি কয় যে উচ্ছেদৰ পিছত যাতে সীমান্তত নগাৰ আগ্রাসন নচলে তাৰ বাবে অসম চৰকাৰে আৰু নাগালেণ্ড চৰকাৰে এক সুস্থ আলোচনা কৰিব লাগে। লগতে অসম- নাগালেও সীমান্তত যি স্পৰ্শকাতৰ এলেকা আছে তাত বেটেলিয়ান কেম্প গঢ়ি তুলিবলৈ চৰকাৰক দাবী জনালো।