
কাৰাবন্দী বিধায়ক আমিনুলৰ মুক্তিৰ দাবীত নগাঁৱত এ আই ইউ ডি এফ ৰ প্ৰতিবাদ
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: ধিং সমষ্টিৰ কাৰাবন্দী বিধায়ক তথা এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা আমিনুল ইছলামৰ মুক্তি আৰু ৰাজ্যজুৰি চলা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি দলটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তীব্র প্রতিবাদ সাব্যস্ত কৰে। দলটোৰ শতাধিক নেতা-কর্মীয়ে নগাঁও জিলা আয়ুক্ত কার্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন চৰকাৰবিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
উক্ত কাৰ্যসূচীত এ আই ইউ ডি এফ ৰ ছয়গৰাকী বিধায়ক ক্রমে ড° হাফিজ ৰফিকুল ইছলাম, নিজানুৰ ৰহমান, কৰিমুদ্দিন বৰভুঞা, আমিনুল ইছলাম, মুজিবুৰ ৰহমান, আশ্রাফুল হুছেইনো উপস্থিত থাকে। প্রতিবাদৰ পিছত তেওঁলোকে জিলা আয়ুক্তক সাক্ষাৎ কৰি কাৰাবন্দী হৈ থকা বিধায়ক আমিনুল ইছলামক মুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে একমাত্র সংখ্যালঘুক টার্গেট কৰি চলোৱা অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী জনায় এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইয়াৰ পূৰ্বে বিধায়কৰ দলটোরে নগাঁও কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা ধিঙৰ বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰি তেওঁৰ সৈতে কিছু সময় বার্তালাপ করে।
বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ যুঁজ আইনী পথত চলাই থকাৰ সমান্তৰালকৈ বিধানসভাৰ ভিতৰে-বাহিৰে গণতান্ত্রিকভারে চলিব বুলি সংবাদ মাধ্যমৰ আগত দলটোৰ জিলা সভাপতি মতিউৰ ৰহমানে প্রকাশ কৰে।