
ভৰিৰ তলৰ মাটি হেৰুৱাইছে বিধায়ক এ কে ৰছিদ আলমে
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: দেশ স্বাধীনতাৰ পিছত একমাত্র খগেন্দ্রনাথ নাথৰ পিছত একেৰাহে দুবাৰকৈ নির্বাচিত হৈ একপ্ৰকাৰ ইতিহাস সৃষ্টি কৰা গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে সম্প্রতি ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাইছে বুলি সর্বত্র চর্চা চলিছে।
বিগত সময়ৰ কাৰ্যকলাপৰ বাবেই গণবিচ্ছিন্ন হৈ পৰা বিধায়কগৰাকীয়ে নিজৰ গৃহ পঞ্চায়ত শ্রীসূর্যগিৰিৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ প্রার্থীয়ে বিজেপি প্রার্থীৰ হাতত শোচনীয় পৰাজয়ৰ পিছত গাঁও পঞ্চায়তটোৰ সভাপতি আৰু উপ-সভাপতি পদো বিজেপিৰ দখললৈ গৈছে। ইফালে সমষ্টিৰ অন্তৰ্গত পাইকান আঞ্চলিক পঞ্চায়ত অগপ মিত্রজোটৰ হাতলৈ যোৱাৰ বিপৰীতে শ্রীসূর্যগিৰি আঞ্চলিক পঞ্চায়তত সর্বদলীয় ব’ৰ্ড গঠন কৰা বুলি সর্বত্র চর্চা চলিছে। উল্লেখ্য যে পাইকান আঞ্চলিক পঞ্চায়তৰ অন্তর্গত মুঠ দহখন গাঁও পঞ্চায়তৰ ভিতৰত কংগ্ৰেছৰ পাঁচগৰাকী, বিজেপিৰ দুগৰাকী, অগপৰ এগৰাকী আৰু দুগৰাকী নির্দলীয় হিচাপে জয়ী হৈছিল।
কিন্তু পাইকান গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে কংগ্ৰেছৰ প্রার্থী মোনোৱাৰ হুছেইন জয়ী হয় যদিও পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি অগপ দলত যোগদান কৰে আৰু কালি অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানত পাইকান আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নির্বাচিত হয়। ইপিনে উপ-সভানেত্রী হিচাপে তমিনা খাতুন নির্বাচিত হয়। এইদৰে পঞ্চাশ শতাংশ আসন দখলৰ পিছতো পাইকান আঞ্চলিক
পঞ্চায়ত গঠন কৰিবলৈ সক্ষম নহ’ল বিধায়ক বহিদৰ কংগ্ৰেছ দল। একেদৰে শ্রীসূর্যগিৰি আঞ্চলিক পঞ্চায়তৰ ৮খন গাঁও পঞ্চায়তৰ ভিতৰত কংগ্ৰেছৰ এগৰাকী, বিজেপি, এআইইউডিএফ আৰু নির্দলীয় হিচাপে এগৰাকীকৈ গ্রার্থী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে জয়ী হয়। কিন্তু একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো একমাত্র বিধায়কৰ ব্যৰ্থতাৰ বাবেই শ্রীসূর্যগিৰি আঞ্চলিক পঞ্চায়তত সর্বদলীয় ব’র্ড গঠন হয়। উল্লেখ্য যে কালি অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানত দুগৰাকীকৈ কংগ্রেছ সদস্যা অনুপস্থিত থাকে। ইফালে নবাগত শিমলীতোলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা পদত এআইইউডিএফৰ প্রার্থী হিচাপে জয়ী হোৱা বানেছা খাতুনে পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰে আৰু কালি শ্রীসূর্যগিৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হিচাপে শপত গ্রহণ কৰে।
ইফালে আঞ্চলিক পঞ্চায়তটোৰ উপ-সভানেত্রী হিচাপে নির্বাচিত হয় বলদমাৰী চৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা ফৰিদা ৰহমানে। এইদৰে নিজকে সমষ্টিৰ ৰজা বুলি দম্ভালি মাৰি ফুৰা বিধায়ক এ কে ৰছিদ আলমে সমষ্টিৰ অন্তর্গত দুয়োটা আঞ্চলিক পঞ্চায়ত গঠনতো মুখথেকেচা খোরা বুলি সমষ্টিবাসী ৰাইজৰ মাজত ব্যাপকভাবে চর্চিত হৈছে।