
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাই আজি পুৱা কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পরিদর্শন কৰি নতুনকৈ স্থাপন হোৱা এই প্রতিষ্ঠানখনৰ কাম-কাজ আৰু আন্তঃগাঁথনিসমূহৰ বুজ লয়।
মুখ্যমন্ত্রী ড’ শর্মাই কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃবিভাগ, আই চি ইউ, ব্লাড বেংক, অর্থোপেডিক অপিডি, চেস্ট্রেল ক্লিনিকেল লেবৰেটৰী, চিটি স্কেন ইউনিট, এম আব ডি আৰু পেয়িং কেবিন আদি হস্ততাঁত, বস্তুশিয় আৰু ৰেচম আদি বিভাগৰ মন্ত্রী উর্ধ্বাও গৌৰা ব্রহ্ম, বাজ্যসভার সাংসদ বণগৌবা
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় নাৰ্জাৰীৰ সৈতে গৈ স্বচক্ষে পর্যবেক্ষণ কৰে।
প্রতিষ্ঠানখনৰ বাস্তবিক সমস্যাৰাজি সম্পর্কে অবগত হোৱাৰ উদ্দেশ্যে তেওঁ চিকিৎসক, নাৰ্ছ আৰু ছাত্র-ছাত্রীসকলৰ সৈতে মত- বিনিময় কৰে আৰু অঞ্চলটোত স্বাস্থ্যসেবা অধিক উন্নত কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। উল্লেখ্য যে বড়োলেও প্রাদেশীয় পৰিষদৰ মুখ্য কার্যালয় থকা কোকৰাঝাৰৰ এই চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনে অঞ্চলটোৰ জনসাধাৰণলৈ সহজলভ্য আৰু গুণগত মানসম্পন্ন স্বাস্থ্যসেবা প্রদানত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।
ইফালে পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কর্তৃপক্ষৰ সৈতে এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রতিষ্ঠানখনত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী আদিৰ উপলব্ধতা, ছাত্র-ছাত্রীৰ হোষ্টেলৰ সবিধা,অধ্যাপক আৰু স্বাস্থ্যকর্মীসকলৰ আৱাসগৃহ আদি বিষয়ত বিস্তৃত আলোচনা হয়।
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্ৰাৱাস, ছাত্রী-নিবাস, চিকিৎসক- নাৰ্ছব আবাস আদিব অভাৱ পুৰণৰ বাবে শীঘ্রে ব্যবস্থা লোৱা বুলি মুখ্যমন্ত্রী ড° শর্মাই আশ্বাস দিয়ে। বাজ্যৰ প্রতিটা প্রান্তত উন্নত স্বাস্থ্যসেবা প্রদানৰ বাবে বৰ্তমান চৰকাৰ নিৰম্ভৰ কৰ্মত ব্রতী হৈ আছে বুলি তেওঁ কয়।