
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পৰা ২৫ লাখ টকা অনুদান ২৭ টা মন্দিৰৰ বাবে
ৱেবডেস্ক: কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰ পৰা ২৫ লাখ টকা আৱন্টিত পুঁজিৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ অঞ্চলৰ মুঠ ২৭ টা মন্দিৰ পৰিচালনা সমিতিক এককালীন আৰ্থিক অনুদান প্ৰদান কৰা হয়। চাপৰৰ বহলপুৰত আঁচনি খনৰ শুভাৰম্ভণি কৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ে।
উল্লেখ্য যে বহলপুৰৰ বৰপাৰাস্থিত শ্ৰী শ্ৰী মা দুৰ্গা মন্দিৰ প্ৰাংগনত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বিষয়ববীয়া সকলৰ উপস্থিতিত ১ লাখ টকাৰ চেক প্ৰদান কৰে। উক্ত অনুষ্ঠানত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ সুধীৰ চন্দ্ৰ ৰায় ও উপস্থিত থাকে।আগন্তুক দিনত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ অঞ্চলৰ বিভিন্ন ঐতিহাসিক মঠ-মন্দিৰ, উপসনাস্থলীৰ পৰিচালনা সমিতিক লৈ পৰ্য্যায়ক্ৰমে এই আৰ্থিক অনুদান প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ফালৰ পৰা।