
দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত ৭০০ গোৱা আৰক্ষীৰ জোৱানৰ দীক্ষান্ত সমাৰোহ
ৱেবডেস্ক : ইংৰাজী ১২ আগষ্ট, ২০২৫ ৰ সোণালী দিনটোত গোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ শ্বাৱন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাঁওত গোৱা ৰাজ্যৰ নবনিযুক্ত আৰক্ষী নিযুক্তি প্ৰাৰ্থীৰ দীক্ষান্ত সমাৰোহ এক উৎসাহজনক আৰু গৌৰৱময় পৰিৱেশ অনুষ্ঠিত হয়।
মুঠ ৭০০ গৰাকী আৰক্ষীৰ ভিতৰত ৫৬৯ পুৰুষ আৰু ১৩১ গৰাকী মহিলাই অংশগ্ৰহন কৰে এই সমাৰোহত। অনুষ্ঠানটিত ভাষণ প্ৰদান কৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ লগতে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে জোৱান সকল নিজ ৰাজ্যলৈ উভতি গৈ নিজ নিজ কৰ্ম স্থানত যোগদান কৰিব।