
বুধবাৰ,১৬/০৭/২০২৫: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে নতুন দিল্লীত আমছুয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। দিল্লীৰ যন্তৰ-মন্তৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুয়ে । আমছুৰ প্ৰতিবাদত কঁপিল দিল্লীৰ আকাশ বতাহ ।
অসমৰ বিভিন্ন প্ৰান্তত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি দিনৰ ১১ বজাৰ পৰা দুই বজালৈ দিল্লীৰ যন্তৰ মন্তৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ সকলো জিলাৰ পৰা অহা প্ৰায় ৫ শতাধিক আমছু কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।
আমছুৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে দিল্লীৰ আকাশ- বতাহ কঁপাই তোলে । অসমত ভূমিহীন লোকৰ স্বেচ্ছাচাৰী আৰু অমানৱীয় উচ্ছেদ বন্ধ কৰক, অসমৰ ভূমিহীন সংখ্যালঘুসকলক ভূমি আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰা, উচ্ছেদিত লোকসকলক তৎক্ষণাত পুনৰ সংস্থাপন কৰা, উচ্ছেদৰ পূৰ্বে ভূমিহীন লোকসকলক পুনৰ সংস্থাপন কৰা, নিৰ্বাচিত, স্বেচ্ছাচাৰী আৰু অবৈধ পুছ বেক বন্ধ কৰক, মানৱ অধিকাৰ, শিশু অধিকাৰ আৰু মহিলাৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা, সাংবিধানিক নিশ্চয়তাসমূহ ৰক্ষা আৰু সংৰক্ষণ কৰা আদি শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
অনাগত দিনত আমছুৰ দাবী সমূহ মানি নললে জেল ভৰো কাৰ্যসূচীৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে । ধৰ্মঘটৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।