
কচুৱাৰ আদৰ্শ তথা কৃতি শিক্ষক আমিনুল হকৰ বিয়োগ
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: সমগ্ৰ কচুৱাত শোঁকৰ ছাঁ । আজি পুৱতি নিশা নগাঁও জিলাৰ কচুৱা লুটুমাৰি পাৰ হাইস্কুলৰ সহকাৰী শিক্ষক আমিনুল হকৰ আকস্মিক মৃত্যুত বৃহত্তৰ কচুৱা অঞ্চলত গভীৰ শোঁকৰ ছাঁ পৰিছে ৷
দীৰ্ঘদিন ধৰি শিক্ষকতা বৃত্তিৰ লগতে স্থানীয় হোমিওপেথিক চিকিৎসক হিচাপে জনাজাত আমিনুল হকৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কচুৱা সোনাৰুগুৰিস্থ তেওঁৰ বাসগৃহত অগনন গুণমুগ্ধ লোকৰ ভীৰ হোৱা পৰিলক্ষিত হয় ৷
কামপুৰ আঞ্চলিক হাইস্কুল শিক্ষক সংস্থা ,নগাওঁ জিলা কৰ্মচাৰী পৰিষদ ,কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ আৰু কচুৱা প্ৰেছ ক্লাৱকে আদি কৰি বহু দল সংগঠনে শিক্ষক জনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে ৷
৫৮ বছৰীয়া শিক্ষক জনে মৃত্যুৰ সময়ত পত্নী, দুজন লৰা, তিনি গৰাকী জীয়ৰী আৰু বহু আত্মীয়স্বজন ইহ সংসাৰত এৰি থৈ যায় ৷ আজি শিক্ষক জনৰ অন্তিম যাত্ৰাত হাইস্কুল খনৰ প্ৰধান শিক্ষক বকুল নাথকে আদি কৰি সমূহ শিক্ষক মণ্ডলী, ছাত্ৰ-ছাত্ৰী, সংস্থাৰ বিষষ ববীয়া ক্ৰমে , মতিউৰ ৰহমান, বাহাৰুল ইছলাম,আব্দুল মালেক, চি আৰ চি চি আবুল কালাম আজাদ, চফিকুল ইছলাম আৰু বহু গুণমুগ্ধ লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: Assam | MLA Ak Rashid Alom : ভৰিৰ তলৰ মাটি হেৰুৱাইছে বিধায়ক এ কে ৰছিদ আলমে