বিটিচিৰ যমদুৱাৰ সমষ্টিত বিজেপিত যোগদান কার্যসূচী
ৱেব ডেস্ক: যমদুৱাৰ সমষ্টিত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে বিশাল যোগদান সভা। বিজেপিৰ যমদুৱাৰ মণ্ডল কমিটীৰ উদ্যোগত কাশিয়াবাৰীত ছহিদ জসুজিত নাৰ্জাৰী প্রেক্ষাগৃহত অনুষ্ঠিত এই যোগদান সভাৰ উদ্বোধনী ভাষণত কোকৰাঝার জিলা সমিতিৰ সভাপতি গোঁসাই বসুমতাৰীয়ে ভাষণ দিয়াৰ পাছত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা চামগুৰিৰ বিধায়ক দীপু ৰঞ্জন শৰ্মাই মুখ্য অতিথিৰ ভাষাত কয়,’ মিচন সপোনতো ভাবিব পৰা নাছিলো যে যমদুৱাৰ সমষ্টিত বিজেপিৰ প্ৰতি ৰাইজৰ ইমান আশীর্বাদ আৰু সমর্থন দেখা পাম। বিজেপিৰ প্ৰতি আকৃষ্ট হৈ আজি উক্ত সভাত তিনি সহস্রাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে। নতুন কৈ যোগদান কৰা সকলক দলীয় টুপি আৰু গামোচা পিন্ধাই আদৰি লোৱা হয়।
উক্ত যোগদান সভাত যমদুৱাৰ সমষ্টিৰ বিজেপি দলৰ ইনচার্জ ভগীৰথ ওজা, যমদুৱাৰ সমষ্টিৰ সভাপতি সুজিত নাৰ্জাৰী, বিজেৱিৰ কোকৰাঝাৰ জিলা সম্পাদক তথা এই সমষ্টিৰ পৰা প্রার্থীত্ব প্রত্যাশী বাহুল দেব নাৰ্জাৰী, জিলা সম্পাদিকা ইতি সৰকাৰ, বিজেপিৰ জনজাতি মৰ্চাৰ জিলা সভাপতি বিদ্যাসাগৰ বসুমতাৰীৰ লগতে জিলা, ব্লক আৰু যমদুৱাৰ সমষ্টিৰ বিভিন্ন পর্যায়ৰ নেতা কর্মীৰ লগতে পাঁচ সহস্রাধিক ৰাইজ উপস্থিত আছিল
