
খগৰপুৰৰ মহাৰাণী মন্দিৰত চুৰিকাণ্ড
ৱেব ডেস্ক: খগৰপুৰৰ মহাৰাণী মন্দিৰত চুৰিকাণ্ড। নিশা চুৰে মন্দিৰৰ টলা ভাঙি লুট-পাত চলোৱাৰ লগতে কাৰ্যালয়টো লণ্ডভণ্ড কৰে । ৰাতিপুৱা মন্দিৰটোৰ চুৰি সমগ্রী সমূহ কিছু নিলগত পেলাই থোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত মন্দিৰ পৰিচালনা সমিতিক জনায় । তাৰপাছতে আৰক্ষীক খবৰ দিয়ে আৰু সন্দেহজনক দুজন ব্যক্তিক আটক কৰে । ইয়াৰ পূৰ্বে মহাৰাণী মন্দিৰত চুৰিকাণ্ড হৈছিল আজি পুনৰ মন্দিৰত চোৰে লুটপাত চলাবলৈ চেষ্টা কৰে এনে চুৰিকাণ্ড পুনৰ যেন সংঘটিত নহয় তাৰবাবে আৰক্ষীক নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ দাবী মন্দিৰ পৰিচালনা সমিতিৰ ।