
ৰূপহীহাটৰ লাওখোৱাত একে নিশাই তিনি ঘৰত চুৰি
ৱেব ডেস্ক: ৰূপহীহাটৰ লাওখোৱাৰ দক্ষিণ ভোমোৰাগুৰি আৰু মহবুৰ আলী গাঁৱত যোৱা নিশা তিনিটাকৈ ঘৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। প্রায় প্রতি নিশাই উক্ত অঞ্চলত চুৰি কাৰ্য্যৰ ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা নিশা দক্ষিণ ভোমোৰাগুৰিৰ সুখ বঞ্জন মণ্ডলৰ ঘৰত চোৰে খিৰিকীৰে প্রবেশ কৰি সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে প্রায় ২ লক্ষাধিক নগদ ধন লৈ উধাও হয় চোৰৰ দল এটাই। গৃহস্থই চুৰি হোৱাৰ উমান পাই ঘটনা সন্দর্ভত আমবাগান আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত কলিয়াবৰ সম জিলা আৰু আমবাগান আৰক্ষী উপস্থিত হৈ কুকুৰৰ সহায়ত চোৰৰ সন্ধানৰ বাবে তদন্ত আৰম্ভকৰিছে। উল্লেখ্য যে দেওঁবাবে নিশা ভোলানাথ মণ্ডলৰ ঘৰৰ পৰা প্রায় ২২,৬০০ টকা চুৰি হৈছিল। আনফালে একে নিশাই গৌৰাংগ মণ্ডলৰ ঘৰৰ গডৰেজৰ তলা ভাঙি সোণ ৰূপৰ গহনাৰ লগতে প্রায় ১৫,০০০ নগদ ধন আৰু মোবাইল এটাও লুটি নিয়ে। ঘটনা ভোক্তভোগী সন্দর্ভ ত সকলে আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে